যোৰহাট, 5 আগষ্ট:নিত্যপ্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে দিশহাৰা কৰিছে সাধাৰণ জনতাক । ইতিমধ্যে, বৃদ্ধি পাইছে ২১ বিধ খাদ্য সামগ্ৰীকে ধৰি আন বহুতো সামগ্ৰীৰ দাম (GST imposed on twenty one food items) ৷ নিত্য-ব্যৱহাৰ্য সামগ্ৰী যেনে দৈ, মৌ, মাখন, লাচ্চি, বাটাৰ মিল্ক, পিঠাগুৰি, কর্নফ্লেক্স, চয়াবিন, মটৰ আদিৰ পৰা আৰম্ভ কৰি মাছ, মাংস, পনীৰলৈকে সকলোতে ৫ শতাংশ জি এছ টি ভৰিব লাগিব জনতাই ৷ লগতে ইন্ধনৰ মুল্যবৃদ্ধিৰ ফলত এতিয়া ত্ৰাহি মধুসূদন সোঁৱৰিছে সাধাৰণ জনতাই ৷
কেৱল সেয়াই নহয় অসমীয়াৰ বাপতি সাহোন বিহুৰ সময়ত গ্ৰহণ কৰা বিশেষ খাদ্য মুড়ি, চিৰা আদিটো এতিয়া লগোৱা হৈছে GST । যাৰ ফলত এতিয়া বিৰোধী দলৰ লগতে সাধাৰণ মানুহৰ মাজতো প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে(Jorhat state congress protest) ।
দৈনিক ন-ন সামগ্ৰীত ওপৰত এতিয়া GST লগাই চৰকাৰে এতিয়া মাধমাৰ সোধাইছে সাধাৰণ জনতাক । সেয়ে ইয়াৰ বিৰোধিতাৰে যোৰহাট জিলা কংগ্ৰেছে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ ।