যোৰহাট, 29 জানুৱাৰী: অসমীয়া যুৱকৰ ভোগদৈ বালিৰে নিৰ্মাণ কৰা সৰস্বতীৰ প্ৰতিমাই দৃশ্য আৰ্কষণ কৰিছে সৰ্বসাধাৰণ ৰাইজৰ । গতানুগতিক ধাৰাৰ পৰা পৃথক হৈ যোৰহাটত দেখিবলৈ পোৱা গ'ল কেইজনমান যুৱকৰ ব্যতিক্ৰমী প্ৰয়াস । মাটিৰে নহয় এইবাৰ ভোগদৈ নদীৰ বালিৰে নিৰ্মাণ কৰি উলিয়াইছে বিদ্যাৰ অধিস্থিতা দেৱী সৰস্বতীৰ প্ৰতিমা । যোৰহাটৰ এদল যুৱ শিল্পীয়ে যোৰহাটৰ ষ্টেডিয়ামৰ বাকৰিত আটক ধুনীয়াকৈ সাজি উলিওৱা এই সৰস্বতীৰ প্ৰতিমা এতিয়া আৰ্কষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে । আনহাতে থাৰ্মকলৰে নিৰ্মাণ কৰা মটৰ চাইকেলখনেও সৰ্বসাধাৰণ ৰাইজক যথেষ্ট আৰ্কষণ কৰে ।
অসমীয়া যুৱকৰ বলুকাৰে নিৰ্মাণ বাগদেবী
সৰস্বতিৰ পূজাৰ উপলক্ষে যোৰহাটত এদল যুৱ শিল্পীয়ে ভোগদৈ নৈৰ বালিৰে সাজি উলিয়াইছে বিদ্যাৰ দেৱী সৰস্বতীৰ প্ৰতিমা ৷
অসমীয়া যুৱকৰ বলুকাৰে নিৰ্মাণ বাগদেবী
উল্লেখ্য যে, যোৰহাটৰ শিল্পী সংগম উদ্যোগত আৰু প্ৰস্পেক্টাছ গ্ৰুপৰ সহযোগত নিৰ্মাণ কৰা সৰস্বতীৰ মুৰ্তি জৰিয়তে অসমৰ বাহিৰৰ বলুকা শিল্পক অসমতো প্ৰসাৰ কৰা এক সুন্দৰ প্ৰচেষ্টা হাতত লৈছে যুৱ শিল্পীৰ দলটোৱে ।
লগতে পঢ়ক:আলোচনাৰ মেজলৈ আহিব নেকি পৰেশ বৰুৱা: কি বিচাৰে পৰিয়ালে !