যোৰহাট, 5 আগষ্ট : সদ্যঘোষিত লোকসেৱা আয়োগৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ১১২ নং স্থান দখল কৰি ৰাজ্যবাসীলৈ গৌৰৱ কঢ়িয়াই আনিছে যোৰহাটৰ চীজল আগৰৱালাই ৷ তেওঁক শুভেচ্ছা জনোৱাৰ উদ্দেশ্য বুধবাৰে চীজলৰ ঘৰত উপস্থিত হয় কেবাগৰাকীও সাংসদ তথা বিধায়কৰ লগতে বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী ৷ চীজলৰ সাফল্যৰ বাবে তেওঁক শুভকামণা জ্ঞাপন কৰে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী, বিজেপিৰ লোকসভা সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে ৷
লগতে পঢ়কঃঅসম ৰাজ্যিক বিজেপিৰ নতুন সমিতি গঠন
উল্লেখ্য যে, যোৰহাটৰ কাৰ্মেল স্কুলৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত জিলাখনৰ অন্তৰ্গত আচাম ৰাইফলচ স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হয় চীজল আগৰৱালা ৷ পৰৱৰ্তী সময়ত দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ পৰা বি কম পাছ কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লয় চীজলে ।
ইফালে চাৰিবাৰকৈ UPSC পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পিছত এইবাৰ সফলতা লাভ কৰি উৎফুল্লিত হৈ পৰিছে চীজল । যোৰহাটৰ ব্যৱসায়ী বিনোদ কুমাৰ আগৰৱালা আৰু মমতা দেৱী আগৰৱালাৰ কন্যা তথা যোৰহাটৰ চেম্বাৰ ৰোডৰ বাসিন্দা চীজল আগৰৱালা ।