যোৰহাট,১৮ মাৰ্চ: নিৰ্বাচনৰ পূৰ্বে যোৰহাটৰ উন্নয়নৰে জড়িত কেতবোৰ বিষয় আঙুলিয়াই দিছে যোৰহাটৰ সচেতন নাগৰিক মঞ্চই । বৃহস্পতিবাৰে এক সংবাদমেল সম্বোধন কৰি জেষ্ঠ অধিবক্তা ৰিণ্টু গোস্বামীয়ে ৰাজনৈতিক দলে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰে । লগতে যোৰহাট বিধানসভা সমষ্টিৰ প্ৰাৰ্থীক যোৰহাটৰ উন্নয়নৰ ক্ষেত্ৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় ।
তেওঁ কয় যে, ৰাজনৈতিক দলৰ নিৰ্বাচনী ইস্তাহাৰক লৈ আশ্বস্ত হোৱা নাই সাধাৰণ ৰাইজ । সেয়েহে সংবাদমেলত সচেতন নাগৰিক মঞ্চই যোৰহাটৰ সমস্যাসমূহ ভিডিঅ' আকাৰে দাঙি ধৰে । প্ৰাক্তন বিধায়ক ৰাণা গোস্বামী আৰু বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীৰ ইস্তাহাৰ নিকা হোৱা নাই বুলিও অভিযোগ উত্থাপিত কৰে । এইবাৰ যোৰহাট বিধানসভা সমষ্টিত কংগ্ৰেছ আৰু বিজেপি দলৰ মাজত মূল যুঁজ হ'ব । সেয়েহে সচেতন নাগৰিক মঞ্চই নিদ্ধাৰণ কৰি দিছে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় ।
সেয়া হৈছে জাবৰ-জোথৰ নিষ্কাষণ, যোৰহাট নগৰ আৰু সমষ্টিটোৰ প্ৰতিজন নাগৰিকক খোৱাপানী যোগান ধৰা, যোৰহাট ট্ৰাক-টাৰ্মিনাছ আৰম্ভ কৰা, পূজাডুবিৰ সমীপৰ পৰা ৰে'লৱে গুডছ টাৰ্মিনাছৰ তৎকালীন স্থানান্তৰ কৰা, স্থায়ী ক্ৰীড়া প্ৰকল্প নিৰ্মাণ, কাছাৰী ময়দান নিৰ্মাণ আৰু যোৰহাট ষ্টেডিয়াম নিৰ্মাণৰ কাম ক্ষীপ্ৰতাৰে সম্পূৰ্ণ কৰা । লগতে উত্তৰ-দক্ষিণ, পূৱ-পশ্চিম যোৰহাটৰ ছুইমিং পুল, ইন্দোৰ ষ্টেডিয়াম আৰু মিনি ষ্টেডিয়ামৰ নিৰ্মাণ, স্থায়ী সাংস্কৃতিক প্ৰকল্প, আন্তঃৰাষ্ট্ৰীয় স্তৰৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰ কথা উল্লেখ কৰা হৈছে ।