টীয়ক, 2 নৱেম্বৰ :পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত মাথোঁ কেইটামান দিনহে বাকী । ৰাজ্যৰ চৌদিশে চলিছে এতিয়া দীপাৱলীক আদৰাৰ ব্যাপক প্ৰস্তুতি । পোহৰৰ উৎসৱ দীপাৱলীক লৈ বিশেষকৈ ব্যস্ততা বাঢ়িছে মৃৎ শিল্পীসকলৰ । দীপাৱলীৰ দিনা পোহৰৰ মেলা পাতিবলৈ ব্যস্ত হৈ পৰিছে টীয়কৰ দুইনৈমুখ কুমাৰ গাঁৱৰ মৃৎ শিল্পীসকল ।
দীপাৱলীৰ দিনা প্ৰত্যেকৰে ঘৰখনৰ লগতে চৌপাশ পোহৰাই তুলিবলৈ মৃৎ শিল্পীসকলে তৈয়াৰ কৰি উলিয়াইছে বিভিন্ন আকৃতিৰ মাটিৰ চাকি ৷ মাজে সময়ে বজাৰত উপলব্ধ হয় চীনৰ বৈদ্যুতিক সামগ্ৰী ৷ এই সামগ্ৰীয়ে দীপাৱলীৰ বজাৰ ভৰি পৰাৰ পাচতো কিন্তু কমি যোৱা নাই মাটি চাকিৰ গুৰুত্ব । পূৰ্বৰ দৰে যোৰহাট, টীয়কৰ ৰাইজক মাটিৰ চাকি যোগান ধৰিবৰ বাবে দিনে নিশাই ব্যস্ত হৈ পৰিছে মৃৎ শিল্পীসকল ।
টীয়কৰ দুইনৈমুখ কুমাৰ গাঁওখনৰ অধিকাংশ লোকেই এতিয়া হাজাৰ হাজাৰ মাটিৰ চাকি নিৰ্মাণ কৰি গ্ৰাহকক যোগান ধৰাৰ বাবে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে । অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে দীপাৱলীত মাটি চাকি প্ৰজ্বলনৰ পৰম্পৰাক কিছু পৰিমাণে ম্লান কৰিব বুলিও আশংকা কৰিছে মৃৎ শিল্পীসকলে ।