অসম

assam

ETV Bharat / state

দেৱাশীষ হত্যাকাণ্ডৰ তদন্তত ৰাইজক সহায়ৰ আহ্বান আৰক্ষীৰ ! - চাহ মজদুৰ সংঘ

দেবাশীষ হত্যাকাণ্ডৰ লগত জড়িত 11 জন ব্যক্তিক আটক ৷ তদন্তৰ প্ৰক্ৰিয়াটো যাতে শান্তি পূৰ্ণভাবে সম্পূৰ্ণ কৰি প্ৰকৃত দোষীক কৰায়ত্বৰ কৰিব পাৰে তাৰ বাবে বাগিচাখনৰ ৰাইজৰ সহযোগিতা কামনা আৰক্ষী প্ৰশাসনৰ ৷

investigation of debashis murder case
investigation of debashis murder case

By

Published : Jun 4, 2020, 12:55 AM IST

মৰিয়নি, 3 জুন :গাভৰু চাহ বাগিচাত নৃশংসভাৱে হত্যা কৰা দেবাশীষ গগৈৰ হত্যাকাণ্ডৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে । এজন এজনকৈ আৰক্ষীয়ে আটক কৰিছে ঘটনাৰ সৈতে জড়িত অভিযুক্ত ৷ আৰক্ষীয়ে এই তদন্তৰ প্ৰক্ৰিয়াটো যাতে শান্তি পূৰ্ণভাবে সম্পূৰ্ণ কৰি প্ৰকৃত দোষীক কৰায়ত্বৰ কৰিব পাৰে তাৰ বাবে বাগিচাখনৰ ৰাইজৰ সহযোগিতা কামনা কৰে ৷

জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে বুধবাৰে আহ্বান কৰা এখন আলোচনা সভাত প্ৰশাসনৰ ফালৰ পৰা যোৰহাটৰ অতিৰিক্ত উপায়ুক্ত, যোৰহাট আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়া , মহকুমাধিপতি উপস্থিত থকাৰ বিপৰীতে চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গুৱালা প্ৰমুখ্যে আটছাৰ কৰ্মকৰ্তা সকল, চাহ মজদুৰ সংঘৰ বিষয়ববীয়া সকল, মৰিয়নী বিধায়ক ৰূপজ্যোতি কুৰ্মীকে প্ৰমুখ্যে কৰি গাঁওৰক্ষী বাহিনী বিষয়ববীয়া সকল উপস্থিত থাকে ৷

দেৱাশীষ হত্যাকাণ্ডৰ তদন্তত ৰাইজক সহায়ৰ আহ্বান আৰক্ষীৰ !

এই শান্তি আলোচনাৰ অন্তত চাহ জনজাতি ছাত্ৰ সন্থাই দেৱশীষ আত্মাৰ সদগতি কামনা কৰি বুধবাৰে সন্ধিয়া গাভৰু চাহ বাগিচাৰ প্ৰতিটো ঘৰৰ পদূলিত এগছিকৈ বন্তি প্ৰজ্বলন কৰাৰ কথা জানিবলৈ দিয়ে। এই পৰ্যন্ত আৰক্ষীয়ে দেবাশীষ হত্যাকাণ্ডৰ লগত জড়িত 11 জন ব্যক্তিক আটক কৰিবলৈ সক্ষম হৈছে। যোৱা নিশা গাভৰু বাগিছাৰ পৰিচালকদ্বয়ক আটক কৰিছিল যদিও সোধ-পোচৰ অন্তত তেওঁলোকক যাবলৈ দিয়া হয় ।

লগতে পঢ়ক :আকৌ এবাৰ মুখ্যমন্ত্ৰী হ’ল ডঃ হিমন্ত বিশ্ব শৰ্মা

ABOUT THE AUTHOR

...view details