যোৰহাট, 1 এপ্ৰিলঃ লক ডাউনৰ সময়ত একাংশ দৰিদ্ৰ পৰিয়ালৰ দৰেই হাহাকাৰ কৰিবলগীয়া হৈছে নিম্ন মানৰ দৰমহাৰ পোৱা গৃহৰক্ষী জোৱান সকলে ৷ দৈনিক ঘন্টাৰ পিচত ঘন্টাজুৰি কাম কৰিও যোগান ধৰিব পৰা নাই খাদ্য সামগ্ৰী ৷ সেইসকল লোকক সহায়ৰ বাবে বুধবাৰে ওলাই আহে যোৰহাট সদৰ আৰক্ষীৰ এটা দল ৷ যোৰহাট সদৰ থানাৰ আৰক্ষীয়ে আজি গৃহৰক্ষী জোৱান সকলৰ মাজত বিতৰণ কৰে এসপ্তাহৰ খাদ্য সামগ্ৰী ৷ ইয়াৰোপৰি গড়মূৰ অঞ্চলৰ সাতটা দৰিদ্ৰ পৰিয়ালৰ মাজতো খাদ্য বিতৰণ কৰে আৰক্ষীৰ দলটোৱে ৷
গৃহৰক্ষী জোৱানৰ মাজত খাদ্য সামগ্ৰী বিতৰণ যোৰহাট আৰক্ষীৰ - যোৰহাট সদৰ থানা
দৈনিক ঘন্টাৰ পিচত ঘন্টাজুৰি কাম কৰিও পৰ্যাপ্ত খাদ্য সামগ্ৰী যোগান ধৰিব নোৱাৰা, নিম্ন মানৰ দৰমহাৰে নিজৰ পেট প্ৰৱৰ্তোৱা কেইবাগৰাকীও গৃহৰক্ষী জোৱানৰ সহায়ৰ অৰ্থে বুধবাৰে ওলাই আহে যোৰহাট সদৰ আৰক্ষীৰ এটা দল ৷

খাদ্য সামগ্ৰী বিতৰণ যোৰহাট আৰক্ষীৰ
গৃহৰক্ষী জোৱানৰ মাজত খাদ্য সামগ্ৰী বিতৰণ যোৰহাট আৰক্ষীৰ
লগতে পঢ়কঃ দৰিদ্ৰ পৰিয়াললৈ সাহাৰ্য প্ৰদান বটদ্ৰৱাৰ বিধায়িকাৰ