অসম

assam

Thieves Arrested In Jorhat: বেকাৰীত গাত কেক সানি জন্মদিন পালন কৰাৰ দুই চোৰক আটক

By

Published : May 26, 2023, 10:52 AM IST

Updated : May 26, 2023, 11:00 AM IST

বেকাৰী দোকানত চুৰি কৰিবলৈ আহি গাত কেক সানি জন্মদিন পালন কৰা দুই চোৰে পৰিল আৰক্ষীৰ জালত ৷ ধৃত চোৰ দুটা গিটলু গগৈ আৰু সঞ্জয় পাটনায়ক বুলি চিনাক্ত ৷ গোলাঘাট জিলা আৰক্ষীৰ সহযোগত যোৰহাট আৰক্ষীয়ে আটক কৰে দুই চোৰক (Theft in Jorhat)৷

Thieves Arrested In Jorhat
বেকাৰীত গাত কেক সানি জন্মদিন পালন কৰাৰ দুই চোৰক আটক

যোৰহাট, ২৬ মে’: যোৰহাট আৰক্ষীৰ ব্যৰ্থতা চৌদিশে বিয়পি পৰাৰ পিচতেই সক্ৰিয় হৈ পৰিছে আৰক্ষী । ২৩ মে’ নিশা যোৰহাট মাজমজিয়াস্থিত বৰুৱা চাৰিআলিৰ মনিষা বেকাৰী নামৰ প্ৰতিষ্ঠানখনত লুটপাট চলাই জন্মদিন পালন কৰা দুই গভাইত চোৰক যোৰহাট আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । ধৃত চোৰ দুটা গিটলু গগৈ আৰু সঞ্জয় পাটনায়ক বুলি চিনাক্ত কৰা হৈছে (Thieves Arrested In Jorhat)৷

বেকাৰীত গাত কেক সানি জন্মদিন পালন কৰাৰ দুই চোৰক আটক

আৰক্ষীয়ে যোৰহাট ৰয়েল ৰোড পৰা গিটলু গগৈ আৰু গোলাঘাট পৰা সঞ্জয় পাটনায়ক নামৰ দুই গভাইত চোৰক আটক কৰিবলৈ সক্ষম হয় । যোৰহাট আৰক্ষী এই অভিযানত সহায় কৰে গোলাঘাট জিলা আৰক্ষীয়ে । আৰক্ষী আটক কৰাৰ এই দুই চোৰে উক্ত দিনা মনিষা বেকাৰীৰ নামৰ প্ৰতিষ্ঠানখনত জন্মদিন পালন কৰি যোৰহাট আৰক্ষীক একপ্ৰকাৰ চেলেঞ্জ দিছিল (Theft in Jorhat) ।

উল্লেখ্য যে স্মাৰ্ট আৰক্ষীয়ে গিজগিজাই থকাৰ পাচতো যোৰহাট নগৰৰ মাজমজিয়াস্থিত বৰুৱা চাৰিআলিৰ মনিষা বেকাৰী নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ২৩ মে’ নিশা পৰিছিল চোৰৰ হাতোৰা । নিশা শ্বাটাৰ ভাঙি দুই চোৰে ব্যৱসায়িক প্ৰতিষ্ঠানখনত প্ৰৱেশ কৰি ইটোৱে সিটোৰ গাত কেক সানি যেন পালন কৰিছিল জন্মদিন (Thieves celebrate birthday inside bakery shop) ।

এই সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচিটিভি কেমেৰাত । উক্ত চোৰ দুটাই ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা নগদ বাৰ হাজাৰ টকা লুটি নিয়াৰ লগতে এটা চিচিটিভি কেমেৰা আৰু লেপটপৰ লগতে লক্ষাধিক টকাৰ সামগ্ৰী নষ্ট কৰে (Thieves looted bakery shop in Jorhat)।

বেকাৰীত গাত কেক সানি জন্মদিন পালন কৰাৰ দুই চোৰক আটক

তাৎপৰ্যপূৰ্ণ যে, যোৰহাট আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি বিগত কেইবাদিনৰ পৰাৰ চোৰে জিলাখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত লুটপাট চলাই আহিছে ৷ চোৰে চলোৱা লুটপাট নিয়ন্ত্ৰণ কৰাত চূড়ান্তভাৱে ব্যৰ্থ হোৱাত, চৌদিশে সমালোচনাৰ সন্মুখীন হৈছিল যোৰহাট আৰক্ষী । তদুপৰি আৰক্ষী ওপৰত আস্থা হেৰুৱাই বৰুৱা চাৰিআলিৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে নিজাববীয়াকৈ নৈশ চকিদাৰৰ ব্যৱস্থা গ্ৰহণৰো পোষকতা কৰিছিল ।

লগতে পঢ়ক:Theft in Jorhat: বেকাৰী দোকানত গাত কেক সানি চোৰে পালিলে আনন্দ উৎসৱ

Last Updated : May 26, 2023, 11:00 AM IST

ABOUT THE AUTHOR

...view details