যোৰহাট,২৫ নৱেম্বৰ :যোৰহাট আৰক্ষীৰ বিৰুদ্ধে আদালতক অৱমাননা কৰাৰ অভিযোগ উত্থাপন হৈছে । অভিযুক্ত আৰক্ষীৰ বিৰুদ্ধে কঠোৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ আদালতৰ । আদালতে জামিন প্ৰদান লোকক পুনৰ গ্ৰেপ্তাৰ কৰি বিপদত যোৰহাট আৰক্ষী ।
উল্লেখ্য যে যোৰহাট সদৰ আৰক্ষী থানাত পঞ্জীয়ন হোৱা এটা গোচৰত ভুক্তভোগীৰ আবেদনৰ ভিত্তিত যোৱা ৪ আগষ্টত অতিৰিক্ত সত্ৰ ন্যায়াধীশৰ আদলতে এজন লোকক জামিন প্ৰদান কৰিছিল । কিন্তু উক্ত লোকজনক শেহতীয়াকৈ যোৱা ১৮ নৱেম্বৰত পুনৰ পুলিবৰ আৰক্ষী থানাই আটক কৰে । পৰৱৰ্তী সময়ত লোকজনক হেণ্ডকাফ লগাই যোৰহাট সদৰ থানালৈ অনা হয় ।
১৮ আৰু ১৯ নৱেম্বৰলৈ পুলিবৰ আৰু যোৰহাট আৰক্ষীৰ জিন্মাত থকা সময়তে লোকজনৰ অধিবক্তাই আদালতৰ দাৰস্থ হোৱাত আদালতে ১৯ নৱেম্বৰত লোকজনক আৰক্ষীৰ জিম্মাৰ পৰা মুকলি কৰি দিবলৈ নিৰ্দেশ দিয়ে । লগতে ৪ আগষ্টৰ আদালতৰ নিৰ্দেশাৱলী মানি চলিবলৈ আৰক্ষীক নিৰ্দেশ দিয়ে । ইয়াৰ পাছত লোকজনৰ অধিবক্তাই জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত আটকাধীন লোকজনৰ সৈতে আৰক্ষীৰ ভূমিকা সন্দৰ্ভত বিস্তৃতভাৱে অৱগত কৰি আন এখন আবেদন দাখিল কৰে ।