অসম

assam

ETV Bharat / state

OYO ৰ হোটেল বুক কৰাৰ আগত দহবাৰ ভাৱক !! - NATARAJ HOTEL NAGAON

OYO ত হোটেল বুকিং কৰি বিপাঙত গ্ৰাহক ৷ প্ৰতিষ্ঠানটোত এডভান্স বুকিং কৰিবলৈ গৈ যোৰহাটৰ এজন গ্ৰাহকে হেৰুৱালে আগতীয়া জমা ধন ৷

OYO ৰ বিৰুদ্ধে ঠগবাজিৰ অভিযোগ দাখিল গ্ৰাহকৰ

By

Published : Aug 2, 2019, 10:57 PM IST

যোৰহাট, 2আগষ্ট:আপুনি যদি ক'ৰবালৈ ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰে, তেনে সময়ত আপোনাৰ মনলৈ অহা তেনেই পৰিচিত নামটোৱেই হৈছে OYO ৷ মবাইলৰ মাথো এটা ক্লিকত আপুনি বুক কৰিব পাৰে দেশ-বিদেশৰ যিকোনো হোটেল কিম্বা লজ ৷ কিন্তু একে সময়তেই OYO ত হোটেল বুকিং কৰি হাৰাশাস্তিৰ সন্মুখীন হ'ল যোৰহাটৰ অনন্ত বৰা নামৰ ব্যক্তিজন ৷ ব্যক্তিজনে উল্লেখ কৰা মতে যোৱা ১৫ জুলাইত নগাঁৱৰ "হোটেল নটৰাজ"ৰ দুটা হোটেলৰ কোঠা OYO ৰ যোগেদি আগতীয়াকৈ বুকিং কৰিছিল । কিন্তু যেতিয়া ব্যক্তিজনে নগাঁৱৰ নটৰাজ হোটেলখনত নিশা যাপন কৰিবলৈ পৰিয়ালৰ সৈতে উপস্থিত হওঁতেই হোটেলৰ পৰিচালকে জনাই যে তেখেতৰ নামত কোনো কোঠা বুকিং কৰা হোৱা নাই । পৰিচালকৰ অস্বাভাৱিক কথাই পৰিয়ালটোক আচৰিত কৰি তোলাৰ লগতে নিশা হোৱাৰ ফলত উপায় বিহীন হৈ নটৰাজ হোটেল খনতে অত্যাধিক মূল্য বহন কৰি থাকিব লগীয়া অৱস্থা হয় । যাৰ ফলত ভুক্তভোগী অনন্ত বৰাই যোৰহাট সদৰ আৰক্ষী চকীত OYO আৰু হোটেল নটৰাজৰ বিৰুদ্ধে এজাহাৰ দাখিলৰ যোগেদি দুই প্ৰতিষ্ঠানৰ ওপৰত বিহিত আইনী ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে ৷

OYO ৰ বিৰুদ্ধে ঠগবাজিৰ অভিযোগ দাখিল গ্ৰাহকৰ

ABOUT THE AUTHOR

...view details