অসম

assam

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 10:23 PM IST

ETV Bharat / state

Jorhat Decomposed Body Case: মাহীমাক হোৱাৰ বাবে যন্ত্ৰণাদায়ক মৃত্যু হ’ল নেকি অনুপমা দত্তৰ ?

ছয় মাহ পূৰ্বেই বন্ধ কৰি দিয়া হৈছিল অনুপমা দত্তৰ বাবে যোগান ধৰা খাদ্য ৷ পোহৰলৈ আহিছে যোৰহাটৰ হৃদয়বিদাৰক ঘটনাৰ ন-ন তথ্য ৷ মাহীমাক হোৱাৰ বাবেই খাদ্যৰ অভাৱত মৃত্যু হ’ল নেকি দুৰ্ভগীয়া মাতৃগৰাকীৰ !

Jorhat Decomposed Body Case
মাহীমাক হোৱাৰ বাবে যন্ত্ৰণাদায়ক মৃত্যু হ’ল নেকি অনুপমা দত্তৰ ?

মাহীমাক হোৱাৰ বাবে যন্ত্ৰণাদায়ক মৃত্যু হ’ল নেকি অনুপমা দত্তৰ ?

যোৰহাট, 5 অক্টোবৰ : নিজ মাতৃক অনাহাৰে থাকিবলৈ দি নিশ্চিত মৃত্যুৰ দিশলৈ ঠেলি দিয়া কুলাংগাৰৰ কাহিনীয়ে চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত ৷ গান্ধী জয়ন্তীৰ দিনটোত যোৰহাটত এগৰাকী মাতৃৰ উৱলি যোৱা মৃতদেহ উদ্ধাৰ হোৱাৰ পাছতেই প্ৰতিগৰাকী ‘মানুহ’ৰ মনত উদয় হৈছে ভিন্ন প্ৰশ্নৰ ৷ শেহতীয়া প্ৰশ্ন- মাহীমাক হোৱাৰ বাবেই যন্ত্ৰণাদায়ক মৃত্যু হ’ল নেকি অনুপমা দত্তৰ ?

মৃতকৰ প্ৰতি ন্যূনতম সন্মান প্ৰদৰ্শন কৰাতো সকলো কাম্য আৰু কোনো ঘোৰ শত্ৰুৱেও এই ক্ষেত্ৰত কৃপণালি নকৰে ৷ যোৰহাটৰ বাহনা ধোৱা পুখুৰীত ২ অক্টোবৰত উৱলি যোৱা অৱস্থাত এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাৰ প্ৰতিক্ৰিয়া এতিয়াও মাৰ যোৱা নাই ৷ দিন বাগৰাৰ লগে লগে উক্ত ঘটনাৰ ন-ন তথ্য পোহৰলৈ অহাৰ লগতে ঘটনাটো অধিক ৰহস্যঘন হৈ পৰিছে ৷

উল্লেখ্য যে, দুই পত্ৰ আৰু কন্যাৰ অৱেহলাৰ বাবেই তিলতিলকৈ মৃত্যুমুখত পৰা অনুপমা দত্ত তেওঁলোকৰ জন্মদাতী মাতৃ নাছিল, অনুপমা দত্ত আছিল তেওঁলোকৰ মাহীমাকহে ৷ উচ্চশিক্ষিত জিতুল, নিতুল আৰু মামনী দত্তৰ চাৰিৰ পৰা পাঁচ বছৰ নহওতেই জন্মদাতী মাতৃৰ মৃত্যু ঘটিছিল ৷ তাৰ পাছত তেওঁলোকৰ পিতৃ পদ্মধৰ দত্তই সন্তান তিনিটাৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি দ্বিতীয় বিবাহ কৰিবলৈ বাধ্য হয় ৷

অনুপমা দত্তই নিজৰ সন্তানৰ দৰে মৰম-চেনেহ কৰাৰ লগতে প্ৰত্যককে ভাল মানুহ কৰাত ব্ৰতী হৈছিল ৷ ফলত অনুপমা দত্তৰ একান্তিক প্ৰচেষ্টা আৰু অশেষ কষ্টৰ বিনিময়ত তিনিও সন্তান এতিয়া উচ্চ শিক্ষিত আৰু প্ৰতিষ্ঠিত৷ ডাঙৰ সন্তান নিতুল দত্ত চিকিমৰ গেংটকত আৰু সৰুপুত্ৰ আমেৰিকাৰ কেলিফৰ্ণিয়াত সংস্থাপিত হোৱা লগতে কন্যা মামণি দত্তও আমেৰিকাত আছিল যদিও বিভিন্ন কাৰণবশতঃ তেওঁ যোৰহাটলৈ ঘূৰি আহিছিল । কিন্ত ইমান ত্যাগ কৰা পাছতো মাহীমাক হোৱাৰ বাবেই অনুপমা দত্তক তিলতিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিলে তথাকথিত উচ্চশিক্ষিত সন্তানে ৷

তাপৰ্যপূৰ্ণ যে অনুপমা দত্তৰ বাবে হোটেল পৰা অহা খাদ্য বন্ধ কৰি দিছিল তথাকথিত সন্তানে ৷ ফলত অনাহাৰে থাকি মৃত্যুক আকোঁৱালি ল’বলগীয়া হ’ল অনুপমা দত্তই ৷ ইফালে খাদ্য যোগান ধৰোঁতাকো আজিকোপতি প্ৰাপ্য ধন নিদিলে জীয়াৰি মামণি দত্তই ৷

লগতে পঢ়ক:Old Woman dead body recover update: দুই পুত্ৰ সন্তানৰ অৱহেলাৰ বাবে মৃত্যু মুখত পৰিল জন্মদাত্ৰী মাতৃ- স্থানীয় লোকৰ বিস্ফোৰক অভিযোগ

ABOUT THE AUTHOR

...view details