অসম

assam

ETV Bharat / state

মাজুলীত ৰাস, নিমাতী কমলাবাৰী ঘাটত উখল মাখল - নিমাতী কমলাবাৰী ঘাট

সত্ৰীয়া সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ মাজুলীৰ ৰাস চাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ লানি নিচিগা সোঁত বৈছে ৷ কেনোবা যদি লখিমপুৰ ঢকুৱাখনা হৈ গৈছে কোনোবা যোৰহাটৰ নিমাতী কমলাবাৰী ঘাটে দিয়েই বাট লৈছে মাজুলীলৈ ৷ বগীবিল দলং হোৱাৰ পিচত যাতায়তৰ ক্ষেত্ৰত সুচল হৈছে পূৰ্বতকৈ ৷

মাজুলীত ৰাস, নিমাতী কমলাবাৰী ঘাটত উখল মাখল

By

Published : Nov 12, 2019, 6:26 PM IST

Updated : Nov 12, 2019, 7:58 PM IST

যোৰহাট, 12 নৱেম্বৰঃ মাজুলীত আৰম্ভ হৈছে ৰাস,ইফালে উথপ-থপ লাগিছে যোৰহাটৰ নিমাতী কমলাবাৰী ঘাটত ৷ চৌদিশে ব্যস্ততাৰ অন্ত নাই,অপাৰ জনসমুদ্ৰ যোৰহাটৰ নিমাতী কমলাবাৰী ঘাটত ৷ মাজুলীৰ ৰাস উপলক্ষে নিমাতী কমলাবাৰী ঘাটত বিগত দুটা দিন ধৰি এক অন্যান্য পৰিৱেশে বিৰাজ কৰিছে ইটো পাৰে ৷ মাজুলী অভিমুখে অবিৰামভাৱে ইখনৰ পিচত সিখন ফেৰী চলিছে পুৱাৰ পৰা ৷ সমান্তৰালভাৱে যাত্ৰীয়ে ঠাহ খাই পৰিছে প্ৰতিখন ফেৰীত ৷

যোৰহাটৰ নিমাতী কমলাবাৰী ঘাটত যানবাহন আৰক্ষীৰ ব্যস্ততা

সত্ৰীয়া সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ মাজুলীৰ ৰাস চাবলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ লানি নিচিগা সোঁত বৈছে ৷ কেনোবা যদি লখিমপুৰ ঢকুৱাখনা হৈ গৈছে কোনোবা যোৰহাটৰ নিমাতী কমলাবাৰী ঘাটে দিয়েই বাট লৈছে মাজুলীলৈ ৷ বগীবিল দলং হোৱাৰ পিচত যাতায়তৰ ক্ষেত্ৰত সূচল হৈছে পূৰ্বতকৈ ৷

মাজুলীলৈ বুলি ফেৰীৰে যাত্ৰা একাংশ যাত্ৰীৰ
মাজুলীত ৰাস, নিমাতী কমলাবাৰী ঘাটত উখল মাখল

সংস্কৃতিৰ বৰঘৰস্বৰূপ মাজুলীত এতিয়া উখল মাখল পৰিৱেশ বিৰাজ কৰাৰ বিপৰীতে নিমাতী কমলাবাৰী ঘাটত ব্যাপক ভিৰ হোৱা পৰিলক্ষিত হৈছে ৷ যাত্ৰীৰ ভিৰ নিয়ন্ত্ৰণ কৰাৰ বাবে ঘাটত যোৰহাটৰ যান বাহন আৰক্ষীয়ে অহৰ্নিশে দায়িত্ব পালন কৰিব লগা হৈছে ৷ কিয়নো ৰাসৰ সময়ছোৱাত মাজুলীলৈ দৈনিক ৫০০ খন লঘু বাহনআৰু ৩০০০ খনকৈ দুচকীয়া বাহন পাৰ হৈছে নিমাতী কমলাবাৰী ঘাটেদি ৷

মাজুলীলৈ যোৱা যোৰহাটৰ নিমাতী কমলাবাৰী ঘাট
এই দৃশ্য নিমাতী কমলাবাৰী ঘাটৰ ৷ ইয়াৰ উপৰিও দক্ষিণপাট,চুমৈয়মাৰী,শালমৰা ঘাটতো ভিৰ হোৱা পৰিলক্ষিত হৈছে যদিও পূৰ্বৰ তুলনাত ভিৰ কমিছে নিমাতী ঘাটত। আনহাতে যাত্ৰীৰ সুবিধাৰ্থে প্ৰতি ২৫ মিনিটৰ মূৰে মূৰে ফেৰীৰ ব্যৱস্থা কৰিছে জল পৰিবহন বিভাগে ।
মাজুলীলৈ বুলি ফেৰীৰে যাত্ৰা একাংশ যাত্ৰীৰ

লগতে চাওকঃৰাস উপলক্ষে মুছলমান ৰাইজে দলং সাজি দেখুৱালে সম্প্ৰীতিৰ নিদৰ্শন

Last Updated : Nov 12, 2019, 7:58 PM IST

ABOUT THE AUTHOR

...view details