যোৰহাট,21 মে’ : যোৰহাটৰ নৱ নিযুক্ত জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে বৃহস্পতিবাৰে জিলাখনৰ সাংবাদিকসকলৰ সৈতে পৰিচয় হয় ৷ যোৰহাটৰ বিভিন্ন সমস্যা সম্পৰ্কে সাংবাদিকসকলৰ সৈতে এক পৰ্যালোচনাত মিলিত হয় উপায়ুক্ত গৰাকীয়ে ৷
সংবাদমেলযোগে জিলাখনৰ সমস্যাসমূহ সমাধানত গুৰুত্ব প্ৰদান কৰাৰ লগতে কৃষি আৰু আনুসংগিক ক্ষেত্ৰত নিৱনুৱাসকলক আত্ম সংস্থাপন দিয়াৰ বাবে নিজাববীয়াকৈ চেষ্টা চলাব বুলি উল্লেখ কৰে উপায়ুক্তগৰাকীয়ে ৷