যোৰহাট, ২৪ মে': সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি হৈছে কৰ'ণা ৰোগীৰ মৃত্যুৰ সংখ্যা । চহৰাঞ্চলৰ লগতে গ্ৰামাঞ্চলতো ক্ৰমে কৰ'ণাত মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে । সমাজৰ বিভিন্ন শ্ৰেণীৰ লোক প্ৰভাৱান্বিত হৈছে এই মহামাৰীৰ ফলত ।
চিকিৎসক, আৰক্ষী, সাংবাদিককে ধৰি জৰুৰী সেৱাৰে জড়িত লোকেও এই মহামাৰীৰ কবলত পৰিছে । সোমবাৰে যোৰহাটৰ ফটো সংবাদিক পুৰ্ণ বৰাৰ পিতৃ ৰাজেন্দ্ৰ নাথ বৰাই মহমাৰীৰ কবলত প্ৰাণ হেৰুৱায় ।
যোৰহাটত ফটো সাংবাদিকৰ পিতৃ প্ৰাণ হেৰুৱালে ক'ভিডত যোৰহাটৰ পদুমনীৰ স্থায়ী বাসিন্দা ৰাজেন্দ্ৰ নাথ বৰা দুদিন পূৰ্বে ক'ভিডত আক্ৰান্ত হোৱাৰ কথা গম পাইছিল । যোৱা ২৩ মে'ৰ সন্ধিয়া শ্বাস-প্ৰশ্বাস লোৱাত কষ্ট অনুভৱ কৰাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাৰ বাবে নিয়া হৈছিল যদিও চিকিৎসাধীন অৱস্থাতে সোমবাৰে পুৱা মৃত্যু হয় লোকজনৰ ।
মৃত্যুৰ সময়ত ৰাজেন্দ্ৰ নাথ বৰাই পত্নী, পুত্ৰসহ এৰি থৈ গৈছে আত্মীয়ক । ইতিমধ্যে যোৰহাটত ১২৭৩ জন লোক পজিটিভ আৰু ১১৬ জনকৈ লোকে ক'ভিডত মৃত্যু বৰণ কৰিছে । দৈনিক বৃদ্ধি পাইছে যোৰহাটত ক'ভিডত আক্ৰান্তৰ সংখ্যা ।
লগতে পঢ়ক: অসমীয়া ছবি পৰিচালক দাৰা আহমেদ আৰু নাই