যোৰহাট, 14 মাৰ্চঃকৰ'ণা ভাইৰাছৰ পাকচক্ৰত সোমাই পৰা এম ভি মহাবাহু নামৰ বিলাসী Cruise ছীপখনৰ পৰা অৱশেষত মুকলি কৰি দিয়া হ'ল ২২ জনকৈ বিদেশী পৰ্যটক আৰু ২৯ গৰাকী কৰ্মচাৰীক ৷
মহাবাহু Cruise ছীপৰ পৰা মুক্ত হ'ল বিদেশী পৰ্যটক - বিদেশী পৰ্যটক
অৱশেষত মহাবাহু Cruise ছীপৰ পৰা মুক্ত হল বিদেশী পৰ্যটকৰ দল ৷ শনিবাৰে মুকলি কৰি দিয়া হয় পৰ্যটকৰ দলটোক ৷ নিজ নিজ গন্তব্য স্থানলৈ গমণ ২২ জন পৰ্যটক ৷
মহাবাহু Cruise ছীপৰ পৰা মুক্ত হ'ল বিদেশী পৰ্যটক
কৰ'ণা ভাইৰাছৰ সন্দেহত আইচলেচনত থকা পৰ্যটকসকলক ৭ দিনকৈ জিলা প্ৰশাসনৰ নিৰীক্ষণত থকাৰ অন্তত শনিবাৰে নিজ নিজ গন্তব্য স্থানলৈ যাবলৈ দিয়া হ'ল । এম ভি মহাবাহু ছীপখনত বৃটেইনৰ ১৫জন, অষ্ট্ৰেলিয়াৰ ২ জন,আমেৰিকাৰ ২ জন,আৰু ফ্ৰান্সৰ ২ জন আৰু এজন জাৰ্মানীৰ পৰ্যটক আছিল। শনিবাৰে যোৰহাটৰ নিমাটিঘাটৰ দাইনী গাঁৱৰ পৰা বিশেষ বাহন যোগেদি সকলো পৰ্যটক ৰৰৈয়া বিমান বন্দৰ যোগেদি ৰাওনা হ'ব নিজ নিজ দেশলৈ ৷
লগতে চাওকঃ কৰ'ণা আতংকঃ ৩১ মাৰ্চলৈকে ৰাজহুৱা অনুষ্ঠানত ভাগ নলয় মুখ্যমন্ত্ৰীয়ে