যোৰহাট, 15 মে’: যোৰহাটৰ ন-আলিৰ লায়ন্স আই হাস্পতালৰ সমীপত শুকুৰবাৰে উচ্ছেদ অভিযান চলায় যোৰহাট পৌৰসভাই ৷ যোৰহাট পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া আদিত্য বিক্ৰম যাদৱৰ নেতৃত্বত চলা এই অভিযানত 3টাকৈ ঘৰ উচ্ছেদ কৰা হয় ৷
উল্লেখ্য যে, এক অভিযোগ অনুসৰি বহু বছৰ ধৰি যোৰহাট পৌৰসভাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলে অধিগ্ৰহণ কৰি আছিল এই আৱাসগৃহসমূহ । পৌৰসভাৰ ফালৰ পৰা বহুবাৰ ঘৰ খালি কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতো খালি কৰা নাছিল আৱাসগৃহসমূহ, যাৰ বাবে পৌৰসভাই আইনী প্ৰক্ৰিয়া লবলৈ বাধ্য হয় ৷
যোৰহাট পৌৰসভাৰ আৱাসগৃহত উচ্ছেদ অভিযান - যোৰহাট পৌৰসভাৰ আৱাসগৃহ
শুকুৰবাৰে যোৰহাট পৌৰসভাৰ উচ্ছেদ অভিযান । যোৰহাটৰ ন-আলিৰ লায়ন্স আই হাস্পতালৰ সমীপত পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া আদিত্য বিক্ৰম যাদৱৰ নেতৃত্বত চলা অভিযানত বহু বছৰ ধৰি যোৰহাট পৌৰ সভাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে অধিগ্ৰহণ কৰি থকা 3টাকৈ আৱাসগৃহ উচ্ছেদ কৰা হয় ৷
যোৰহাট পৌৰসভাৰ আৱাসগৃহত উচ্ছেদ অভিযান
আনহাতে, যোৰহাট পৌৰসভাৰ বৰ্তমানৰ কৰ্মচাৰীসকলক এই আৱাসগৃহসমূহ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে । ইয়াৰোপৰি, ভৱিষ্যতে এই স্থানত বহুমহলীয়া ভৱন নিৰ্মাণৰ পৰিকল্পনা কৰিছে পৌৰসভাই ।
লগতে পঢ়ক : শ্ৰী শ্ৰী হয়গ্ৰীব মাধৱ মন্দিৰৰ বিষ্ণু পুষ্কৰ পুখুৰীত মাছৰ মৃত্যু