অসম

assam

পৌৰসভাৰ কৃপা-দৃষ্টিত কদৰ্যতাৰে ভৰিছে যোৰহাট চহৰ

By

Published : Jul 15, 2020, 7:15 PM IST

পৌৰসভাৰ অন্তৰ্গত ১৯ টাকৈ বাৰ্ডৰ জাৱৰ নিষ্কাষণ কৰাৰ কাম দুটাকৈ এন জি অ' ক ঠিকাভিক্তিক হিচাবত দিয়া হৈছিল । প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ঘৰে ঘৰে জাৱৰ সংগ্ৰহ কৰি গড়মূৰৰ জাৱৰ নিষ্কাষণ কৰি অহা হৈছে । কিন্তু লক ডাউনৰ সময়ত যোৰহাট চহৰখনৰ বিভিন্ন অঞ্চলত এতিয়াও পৰি আছে জাৱৰৰ দম ।

JORHAT
যোৰহাট

যোৰহাট, 11 জুলাইঃ ৰাজ্যখনত দৈনিক বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা । এই পৰ্যন্ত কৰ'ণাত ১৫,৫৩৬ লোক আক্ৰান্ত হোৱাৰ লগতে ইতিমধ্যে মৃত্যু হৈছে ৩৫ জনকৈ লোকৰ। সমান্তৰালকৈ যোৰহাট জিলাখনতো দৈনিক বৃদ্ধি পাইছে গণ সংক্ৰমণ । ইতিমধ্যে আক্ৰান্ত হৈছে ৩১০ লোক , ইয়াৰ ভিতৰত সক্ৰিয় হৈছে ১২২ জন লোক । ইতিমধ্যে ৬৯ জন লোকক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা প্ৰদান কৰা লগতে ৫ নং বায়ু সেনা চিকিৎসালয়ত ২৬ জন আৰু ন-বৰা চুক মডেল হাস্পতালত ২৭ জনকৈ লোকৰ চিকিৎসা আব্যাহত আছে ।

পৌৰসভাৰ কৃপা-দৃষ্টিত কদৰ্যতাৰে ভৰিছে যোৰহাট চহৰ

লগতে পঢ়কঃৰাজ্যত ২৪ ঘণ্টাত COVID-19 ত আক্ৰান্ত ৯৩৬ গৰাকী

যি সময়ত, গণ সংক্ৰমণ ৰোধৰ বাবে যোৰহাটত ইতিমধ্যে জিলা প্ৰশাসনে পুনৰ লক ডাউন দিছে তেনে সময়তে যোৰহাট পৌৰসভাৰ কৰ্ম-কাণ্ডই দেখোৱাইছে প্ৰকৃত ৰূপ । পৌৰসভাৰ অন্তৰ্গত ১৯ টাকৈ বাৰ্ডৰ জাৱৰ নিষ্কাষণ কৰাৰ কাম দুটাকৈ এন জি অ' ক ঠিকাভিক্তিক হিচাবত দিয়া হৈছিল । প্ৰতিটো ব্যৱসায়িক প্ৰতিষ্ঠান আৰু ঘৰে ঘৰে জাৱৰ সংগ্ৰহ কৰি গড়মূৰৰ জাৱৰ নিষ্কাষণ কৰি অহা হৈছে । কিন্তু লক ডাউনৰ সময়ত যোৰহাট চহৰখনৰ বিভিন্ন অঞ্চলত এতিয়াও পৰি আছে জাৱৰৰ দম । প্ৰতিটো ঘৰৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জাৱৰ সংগ্ৰহৰ নামত ধন সংগ্ৰহ কৰি আহিছে যদিও সময় মতে চহৰখনৰ পৰা জাৱৰ সমুহ নিষ্কাষণ নকৰা বাবেই এতিয়া কৰ'ণা সংক্ৰমণৰ সময়ত কদৰ্য ৰূপ লৈছে চহৰখনে। এতিয়া প্ৰশ্ন হয় কেৱল ধনৰ লালসাতে এনজিঅ'ক প্ৰদান কৰা হৈছে নেকি জাৱৰ নিষ্কাষণৰ ব্যৱস্থা ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details