অসম

assam

অন্ধকাৰ যোৰহাটঃ অকৰ্মণ্য পৌৰসভা

By

Published : Jun 28, 2019, 9:37 AM IST

Updated : Jun 28, 2019, 1:22 PM IST

19 টাকৈ বাৰ্ডৰে গঠিত পৌৰসভাখনে বিগত সময়ছোৱাত যোৰহাট চহৰখনৰ ষ্ট্ৰীট লাইট সমূহ জ্বলাবলৈ সক্ষম ন'হল । যোৰহাট পৌৰসভাৰ 19 টা বাৰ্ডৰ বিধ্বস্ত বাট-পথ আৰু নলা-নৰ্দমা সমস্যাৰ লগতে সৰহ সংখ্যক বাৰ্ডতে নাই ষ্ট্ৰীট লাইটৰ ব্যৱস্থা ৷

পৌৰপতি অবিহনে চলিছে যোৰহাট পৌৰসভা

যোৰহাট, 28 জুন: ৰাজ্যৰ এখন অন্যতম পৌৰসভা যোৰহাট পৌৰসভা ৷ শেহতীয়াকৈ এই পৌৰসভাৰ কৰ্মকাণ্ডই অতিষ্ঠ কৰি তুলিছে কৰদাতা ৰাইজক ৷ কিয়নো স্থায়ী পৌৰপতি অবিহনেই কাৰ্যকাল শেষ হ'বলৈ মাজত মাথো কেইটামান মাহ বাকী থকা পৰ্যন্ত চলিলে এই পৌৰসভাখন ৷ পাঁচ বছৰ পূৰ্বে যোৰহাটৰ কৰদাতা ৰাইজে বহু আশাৰে সমতালৈ আনিছিল বিজেপি পৌৰসভা ৷ কিন্তু বিগত সময়চোৱাত এই বিজেপিৰ পৌৰসভাখনে নিজৰ মাজত খোৱা-কামোৰা কৰিয়ে দিন পাৰ কৰাৰ অভিযোগ ৰাইজৰ । 19 টাকৈ বাৰ্ডৰে গঠিত পৌৰসভাখনে বিগত সময়ছোৱাত যোৰহাট চহৰখনৰ ষ্ট্ৰীট লাইট সমূহ জ্বলাবলৈ সক্ষম নহ’ল । যোৰহাট পৌৰসভাৰ 19 টা বাৰ্ডৰ বিধ্বস্ত বাট-পথ আৰু নলা-নৰ্দমা সমস্যাৰ লগতে সৰহ সংখ্যক বাৰ্ডতে নাই ষ্ট্ৰীট লাইটৰ ব্যৱস্থা । ষ্ট্ৰীট লাইট ব্যৱস্থা নথকাৰ ফলত সন্ধিয়াৰ লগে লগেই নগৰখনৰ বিভিন্ন অঞ্চলত অপৰাধে গা কৰি উঠাৰো অভিযোগ উত্থাপন কৰে ৰাইজে । আনহাতে, পৌৰসভাৰ প্ৰতি সচতেন ৰাইজৰ অনুৰোধ সময় থাকোতে অঞ্চলটোত ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰি দিয়ক পৌৰসভাই ৷

পৌৰপতি অবিহনে চলিছে যোৰহাট পৌৰসভা
Last Updated : Jun 28, 2019, 1:22 PM IST

ABOUT THE AUTHOR

...view details