অসম

assam

ETV Bharat / state

Jorhat Mob Lynching Case : কাৰাগাৰলৈ প্ৰেৰণ ক’লা ল’ৰাৰ পিতৃ মোহন দাসক - কাৰাগাৰলৈ প্ৰেৰণ ক’লা ল’ৰাৰ পিতৃ মোহন দাসক

যোৰহাট কাণ্ডৰ তদন্ত অব্যাহত আছে (Jorhat mob lynching case)। ইয়াৰ মাজতে অনিমেষ ভূঞা হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত মোহন দাস আৰু চিৰঞ্জীৱ দাসক কাৰাগাৰলৈ প্ৰেৰণ । ৭ অভিযুক্তক পুনৰ যোৰহাট আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে ।

Jorhat mob lynching
মোহন দাসসহ পুনৰ আৰক্ষী জিম্মালৈ ৭ অভিযুক্ত

By

Published : Dec 7, 2021, 1:46 PM IST

Updated : Dec 7, 2021, 7:48 PM IST

যোৰহাট, ৭ ডিচেম্বৰ :যোৰহাটৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে (Jorhat mob lynching case) । ইতিমধ্যে এই অমানৱীয় ঘটনাত জড়িত থকাৰ সন্দেহত ১৫ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে যোৰহাট আৰক্ষীয়ে (15 people arrested regarding Jorhat mob lynching case)।

উল্লেখ্য যে, অনিমেষ ভূঞাৰ হত্যাৰ অভিযোগত প্ৰথমে আৰক্ষীয়ে ১৩ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল । তাৰ ভিতৰত ৭ অভিযুক্তক ৫ দিনৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছিল । কিন্তু ৫ দিন উকলি যোৱাৰ পাছতে তেওঁলোকক পুনৰ হাজিৰ কৰোৱা হয় আদালতত ।

মঙলবাৰে পুনৰ ৭ দিনৰ বাবে ৭ অভিযুক্তক আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে । অৱশ্যে পূৰ্বে আৰক্ষীয়ে জিম্মাত লোৱা ৭ অভিযুক্তৰ অন্যতম মোহন দাস আৰু চিৰঞ্জীৱ দাসক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয় । ইয়াৰ বিপৰীতে ৫ দিন কাৰাগাৰত থকা আন দুজন অভিযুক্ত ক্ৰমে জিতেন দাস ওৰফে তিকৰা আৰু দেৱ দাস ওৰফে টিকুক আৰক্ষীয়ে নিজৰ জিম্মাত ৰাখে ।

ইফালে এই হত্যাকাণ্ড সন্দৰ্ভত ভিডিঅ' ফুটেজৰ আধাৰত তদন্ত প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰতৰ কৰি তুলিছে যোৰহাট আৰক্ষীয়ে । শেহতীয়াকৈ ভিডিঅ' ফুটেজৰ আধাৰত আন অভিযুক্তকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক :Jorhat Mob Lynching : পুনৰায় আটক ঘটনাৰে জড়িত অভিযুক্ত

Last Updated : Dec 7, 2021, 7:48 PM IST

ABOUT THE AUTHOR

...view details