অসম

assam

ETV Bharat / state

আগষ্ট মাহৰ ভিতৰত ৰাজ্যত 65,000 হাজাৰলৈ বৃদ্ধি পাব কৰ'ণা ৰোগীৰ সংখ্যা - যোৰহাটতো ক'ভিড-19 আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি

যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ ক'ভিড-19 পৰিস্থিতি বুজ লয় মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

jorhat-medical-college-hospital-visit-himanta-biswa-sharma
যোৰহাটত উপস্থিত স্বাস্থ্য মন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Jul 18, 2020, 1:43 PM IST

যোৰহাট,18জুলাইঃ শনিবাৰে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ কভিড-19 পৰিস্থিতিৰ পৰ্যবেক্ষন কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ দৰে যোৰহাটতো ক'ভিড-19 আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ ফলত চিকিৎসালয় সমূহৰ দ্বায়িত্বও বৃদ্ধি পাইছে আৰু এই ক্ষেত্ৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ে সুন্দৰকৈ পৰিস্থতিৰ সৈতে মোকাবিলা কৰিছে বুলি মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷ আনহাতে যোৰহাট চিকিৎসা মহাবিদ্যালয়ত কেইবাজনো স্বাস্থ্য কৰ্মী কৰ'ণাত আক্ৰান্ত হৈছে বুলি জানিব পৰা গৈছে ৷ আগন্তুক আগষ্ট মাহৰ ভিতৰত ৰাজ্যত কৰ'ণা আক্ৰান্তৰ সংখ্যা 65 হাজাৰলৈকে বৃদ্ধি পাব পাৰে বুলি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক জনাইছে বুলি হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে ৷

যোৰহাটত উপস্থিত স্বাস্থ্য মন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা
ইপিনে যদিহে ক'ভিড-১৯ আক্ৰান্ত লোকৰ ঘৰত সু ব্যৱস্থা থাকে, অৰ্থাৎ বয়োজ্যেষ্ঠ লোক নাথাকে, আচুতীয়া শৌচালয় থাকে, গাড়িৰে নিব পৰা সু-ব্যৱস্থা থাকে, তেনে লোকে যদি ইচ্ছা কৰে ক'ভিড-১৯ পজিটিভ হ'লেও হ'ম কুৱাৰেন্টাইনট থাকিব পাৰিব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷ ইযাৰ লগে-লগে স্বাস্থ্যমন্ত্রী গৰাকীয়ে সাংবাদিকৰ প্ৰশ্নত ক'ভিড মহামাৰী শেষ নোহোৱালৈকে অথবা নিয়ন্ত্রণত নহালৈকে কোনো ধৰণৰ নতুন শিক্ষা বিভাগৰ নিযুক্তি দিয়া নহয় বুলি জানিবলৈ দিয়ে ৷ অৱশ্যে যি ১১ হাজাৰ প্ৰাৰ্থী প্ৰাথমিক বিদ্যালয়ৰ পদৰ বাবে যোগ্য বিবেচিত হৈছিল তেওঁলোকৰ নিযুক্তি হ'ব বুলিও উল্লেখ কৰে স্বাস্থ্য মন্ত্রী গৰাকীয়ে ৷

লগতে পঢ়কঃ গৰাখহনীয়াগ্ৰস্ত পৰিয়ালক সাহাৰ্য প্ৰদানৰ নামত দুৰ্নীতিৰ অভিযোগ

ABOUT THE AUTHOR

...view details