অসম

assam

ETV Bharat / state

যোৰহাট মেডিকেল কলেজত অঘটন

'বেবী আই চি ইউ' ত অগ্নিকাণ্ড

যোৰহাট মেডিকেল কলেজত অঘটন

By

Published : Feb 10, 2019, 6:42 PM IST

যোৰহাট, ১০ ফেব্ৰুৱাৰীঃ যোৰহাট মেডিকেল কলেজ হাস্পতালত অগ্নিকাণ্ডৰ ঘটনা। চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হ'ল বেবি আই চি ইউ কক্ষত । অগ্নিকাণ্ডৰ সময়ত প্ৰায় ২০ জনতকৈও অধিক শিশু চিকিৎসাধীন হৈ আছিল। জানিব পৰা মতে, অগ্নিকাণ্ডৰ ফলত ধোৱাৰে আৱৰি ধৰিছিল আই চি ইউ কক্ষটো । অগ্নিকাণ্ডৰ ফলত হুৱাদুৱা লাগে ৰোগী সকলৰ মাজত ।

যোৰহাট মেডিকেল কলেজত অঘটন

পিচত বৈদ্যুতিক বিভাগৰ কৰ্মীয়ে ততাতয়াকৈ অন্য কৰ্মীৰ সহযোগত পৰিস্থিতি মোকাবিলা কৰাত কথমপি ৰক্ষা পৰে বৃহৎ অঘটনৰ পৰা । কিন্তু এই ঘটনাক গাপ দিয়াৰ চেষ্টা চিকিৎসা কৰ্তৃপক্ষৰ । সাধাৰণ ঘটনা বুলি দায় সৰা মন্তব্য কতৃপক্ষৰ । প্ৰায় আধা ঘণ্টা ধৰি ধোৱা নিৰ্গত হৈছিল আছিল বুলি স্বীকাৰ কৰে বিদ্যুৎ বিভাগৰ কৰ্মীয়ে ।

ABOUT THE AUTHOR

...view details