যোৰহাট, 2 ফেব্ৰুৱাৰী : যোৰহাটৰ মুৰমুৰীয়া চাহ বাগিচাত মঙলবাৰে সংঘটিত হৈছে অঘটন ৷ দুটা নাহৰফুটুকীৰ মাজত হোৱা যুঁজত গুৰুতৰ ভাবে আহত হৈছে এটা নাহৰফুটুকী ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে উদ্ধাৰ কৰে আহত হোৱা নাহৰফুটুকীটোক ৷ স্থানীয় ৰাইজে উদ্ধাৰ কৰাৰ অলপ সময় পাছতে আহত নাহৰফুটুকীটো অচেতন হৈ পৰে ৷
জনাঞ্চলত এইবাৰ ম‘হ নহয়, নাহৰফুটুকীৰ যুঁজ - jorhat leopard fight
যোৰহাটত দুটা নাহৰফুটুকীৰ মাজত হোৱা যুঁজত গুৰুতৰ ভাবে আহত হৈছে এটা নাহৰফুটুকী ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে উদ্ধাৰ কৰে আহত হোৱা নাহৰফুটুকীটোক ৷
![জনাঞ্চলত এইবাৰ ম‘হ নহয়, নাহৰফুটুকীৰ যুঁজ jorhat-leopard-fight](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-10471326-thumbnail-3x2-jorhat.jpg)
জনাঞ্চলত এইবাৰ ম‘হ নহয়, নাহৰফুটুকীৰ যুঁজ
জনাঞ্চলত এইবাৰ ম‘হ নহয়, নাহৰফুটুকীৰ যুঁজ
বাঘটো উদ্ধাৰ হোৱাৰ পাছতে স্থানীয় ৰাইজে বন বিভাগক খবৰ দিয়াৰ পাছতো বহু পলমকৈ বনবিভাগৰ লোক আহি ঘটনাস্থলীত উপস্থিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ পলমকৈ হ‘লেও বনবিভাগৰ লোকে আহি নাহৰফুটুকীটোক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে লৈ যায় ৷
লগতে পঢ়ক: চাৰিদুৱাৰত গাড়ী চালকক গুলিয়াই হত্যা,গাড়ী লৈ উধাও দুৰ্বৃত্ত