যোৰহাট,24 জুলাই : যোৰহাটত এতিয়া মহামাৰী কৰ’ণা আৰু বানৰ সংহাৰৰ মাজতে বাঘে চলাইছে সন্ত্ৰাস । যোৰহাটৰ উপকন্ঠ অঞ্চল চিনামৰা বাঘধৰা অঞ্চলত বিগত কিছু দিন ধৰি বাঘে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । এটা নাহৰফুটুকীয়ে পশুধন খাই ত্ৰাসৰ সৃষ্টি কৰিছিল চিনামৰা বাঘধৰাৰ খৰীয়াচুক গাঁৱত । বৃহস্পতিবাৰে নিশা বন বিভাগে স্থাপন কৰা পিঞ্জৰাবদ্ধ হয় নাহৰফুটুকীটো ।
বন বিভাগৰ পিঞ্জৰাত বন্দী বনৰজা - সন্ত্ৰাস সৃষ্টি কৰি আহিছিল বাঘটোৱে
যোৰহাটত আতংক সৃষ্টিকাৰী নাহৰফুটুকী পিঞ্জৰাবদ্ধ ৷ বন বিভাগে পতা পিঞ্জৰাত বন্দী হ'ল পশুধন খাই ত্ৰাস চলোৱা বাঘটো ৷
বন বিভাগৰ পিঞ্জীৰাত বন্দী বাঘ
আনহাতে পিঞ্জৰাবদ্ধ হোৱা বাঘটো চাবলৈ গাঁৱৰ ৰাইজে ভিৰ কৰা দেখা গ’ল অঞ্চলটোত ৷ কৰ’ণাৰ ভয়াবহতাৰ কথা পাহৰাৰ লগতে সামাজিক দূৰত্ব অমান্য কৰি বাঘ চাবলৈ হেতাওপৰা লগোৱা হে দেখা গ‘ল ৰাইজক । উল্লেখযোগ্য যে, দীৰ্ঘদিন ধৰি উপদ্ৰৱ চলোৱা বাঘটো বন বিভাগে পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম হোৱাত অঞ্চলটোৰ ৰাইজে কিছু সকাহ লাভ কৰিছে । ইপিনে বন বিভাগে বাঘটোক গিবন অভয়াৰণ্যত এৰি দিয়া হ‘ব বুলি জানিবলৈ দিয়ে ।
লগতে পঢ়কঃ গুৱাহাটীৰ বিভিন্ন স্থানত আৱকাৰীৰ চুলাই বিৰোধী অভিযান