অসম

assam

ETV Bharat / state

ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাব - অসম

আজি জিলা খনৰ স্বাস্থ্য বিভাগৰ যূটীয়া সঞ্চালকৰ কাৰ্যলয়ত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৰাজ্যিক স্বাস্থ্য বিভাগৰ বিষয়া৷ তথ্য অনুসৰি বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় খনত 28 জন ৰোগী জ্বৰত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে৷

ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাব

By

Published : Jul 3, 2019, 3:03 PM IST

যোৰহাট,3 জুলাই: এনকেফেলাইটিছৰ প্ৰাৰ্দুভাব কমাবলৈ যোৰহাটত আজি অনুষ্ঠিত হয় এক গুৰুত্বপূৰ্ণ বৈঠক৷ মৃতকৰ হাৰ বৃদ্ধি হোৱা নাই যদিও বৃদ্ধি পাব ধৰিছে আক্ৰান্ত ৰোগীৰ৷ বিহাৰৰ পাছতে এতিয়া অসমত ভয়াৱহ ৰূপ ল'ব ধৰিছে জাপানীজ এনকেফেলাইটিছে ৷ ক্ৰমান্বয়ে বৃদ্ধি পাইছে আক্ৰান্ত ৰোগীৰ সংখ্যা৷ বৰ্তমান সময়ত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত দৈনিক ভৰ্তি হৈ আছে নতুনকৈ আক্ৰান্ত হোৱা ৰোগী৷ শেহতীয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ আবাসিক চৌহদত দুজনকৈ লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে ৷ যোৰহাটৰ লগতে কাষৰীয়া জিলা কেইখনত দিন দিনে বৃদ্ধি পাইছে আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হোৱা লোক সকলৰ ভিতৰত প্ৰায় সকলো সংকটমুক্ত বুলি জানিব দিয়ে যোৰহাট জিলা স্বাস্থ্য বিভাগৰ যূটীয়া সঞ্চালক ডঃ অমৃত কুমাৰ শইকীয়াই৷

ৰাজ্যত বৃদ্ধি পাইছে জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাব

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰো উদ্বিগ্ন হৈ পৰিছে ৰাজ্যত সন্ত্ৰাস সৃষ্টি কৰিবলৈ লোৱা কৰা জাপানীজ এনকেফেলাইটিছ ৰোগকলৈ ৷ আজি জিলা খনৰ স্বাস্থ্য বিভাগৰ যূটীয়া সঞ্চালকৰ কাৰ্যলয়ত গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৰাজ্যিক স্বাস্থ্য বিভাগৰ বিষয়া৷ তথ্য অনুসৰি বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয় খনত 28 জন ৰোগী জ্বৰত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছে৷ চিকিৎসালয় খনৰ সঞ্চালক ডঃ অমৃত কুমাৰ শইকীয়া জনোৱা মতে 11 জাপানীজ এনকেফেলাইটিছৰ ৰোগীৰ ভিতৰত ইতিমধ্যে 6 জন ৰোগীৰ মৃত্যু ঘটিছে ৷ লগতে সমগ্ৰ জিলা খনত ইতিমধ্যে জাপানীজ এনকেফেলাইটিছৰ বিৰুদ্ধে সজাগতা দিশত নিৰীক্ষণ কৰা হৈছে বুলি জনাই যুটীয়া সঞ্চালক গৰাকীয়ে৷

ABOUT THE AUTHOR

...view details