যোৰহাট, 21 জুন :ৰাজ্যত এতিয়াও প্ৰশমিত হোৱা নাই ক’ভিড মহামাৰীৰ প্ৰকোপ ৷ দৈনিক বৃদ্ধি পাই আছে কৰ’ণাত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ৰাজ্য চৰকাৰেও জাৰি কৰিছে এখনৰ পাচত আন এখন নতুন নীতি-নিৰ্দেশনা(SOP) ৷
কিন্তু তথাপিও ৰাজ্যৰ পৰা সম্পূৰ্ণৰূপে নাশ হোৱা নাই ক’ভিডৰ সংক্ৰমণ ৷ ৰাজ্যৰ অন্য প্ৰান্তৰ সমান্তৰালকৈ যোৰহাটতো বৃদ্ধি পাই আছে ক’ভিড মহামাৰীৰ গণ সংক্ৰমণ ৷ ফলত যোৰহাট চহৰত সম্পূৰ্ণৰূপে লক ডাউন দিয়াৰ সম্ভাৱনাই প্ৰকট হৈ পৰিছে ৷
যোৰহাটত ক’ভিড প্ৰট’কল উঠিল ধোঁৱাচাঙত আনহাতে, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ৯ খনকৈ জিলাক ৰেড জ'ন হিচাপে চিহ্নিত কৰিছে ৷ ফলত ৰেড জ'ন সমূহত সম্পূৰ্ণ লক ডাউনৰ কথা পৰ্যালোচনা কৰিছে ৰাজ্য চৰকাৰে । তাৰ ভিতৰত যোৰহাট জিলাখনো অন্যতম ৰেড জ'ন জিলা হিচাপে পৰিগণিত হৈছে ৷
যোৰহাট জিলা স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, বৰ্তমানলৈকে ক’ভিডত আক্ৰান্ত হৈছে ২,০৭৮ গৰাকী লোক ৷ আনহাতে, জিলাখনত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ২০২ জন ৷ বৰ্তমানলৈকে ভয়াৱহ হাৰত যোৰহাটত প্ৰতি মূহুৰ্ততে বৃদ্ধি হৈয়ে আছে ক’ভিডৰ সংক্ৰমণ ৷
যোৰহাটত ক’ভিড প্ৰট’কল উঠিল ধোঁৱাচাঙত কিন্তু পৰিতাপৰ বিষয় যে, এতিয়াও গাত কথা লগা নাই যোৰহাটবাসীৰ ৷ যোৰহাটৰ হাট-বজাৰসমূহত অসংখ্য গ্ৰাহকেও ভীৰ কৰা পৰিলক্ষিত হৈছে ৷ যোৰহাটৰ হাট-বজাৰসমূহৰ ভয়াৱহ পৰিস্থিতি দেখি শংকিত হৈ পৰিছে এতিয়া যোৰহাটৰ সচেতন মহল ৷
ইফালে যোৰহাটত চহৰৰ মাজতো বহু লোকে এতিয়াও মুখত মাস্কৰ সঠিক ব্যৱহাৰ কৰা নাই । আনকি নাই সামাজিক দূৰত্বও ৷ যদি এনেদৰে দুই-তিনিদিন হ’বলৈ হয়, তেনেস্থলত যোৰহাটতো প্ৰায়ে লক ডাউন হোৱাটো নিশ্চিত হৈ পৰিছে ।
লগতে পঢ়ক:কি আছে নতুন ক’ভিড নিৰ্দেশনাত...