অসম

assam

ETV Bharat / state

149 বছৰ ধৰি চলি অহা এখন ঐতিহাসিক প্ৰতিযোগিতা - বৃটিছ ছেক্ৰেটাৰী চি আই শ্ব'ৱাৰ্ছ

শ বছৰীয়া ইতিহাস গৰকা এখন প্ৰতিযোগিতা ৷ চাহ উদ্যোগৰ লগত সংযুক্ত হৈ থকা যোৰহাটৰ জিমখানা ক্লাৱত 1877 চনতে তেতিয়াৰ সন্মানীয় বৃটিছ ছেক্ৰেটাৰী চি আই শ্ব'ৱাৰ্ছৰ উদ্যোগত আৰম্ভ হৈছিল এই ঘোঁৰা দৌৰ প্ৰতিযোগিতাখন ৷

149 বছৰ ধৰি চলি অহা এখন ঐতিহাসিক প্ৰতিযোগিতা
149 বছৰ ধৰি চলি অহা এখন ঐতিহাসিক প্ৰতিযোগিতা

By

Published : Mar 7, 2020, 3:59 PM IST

Updated : Mar 7, 2020, 6:00 PM IST

যোৰহাট, 7 মাৰ্চঃভাৰতলৈ বৃটিছৰ আগমণৰ পিচতে আৰম্ভ হৈছিল এই প্ৰতিযোগিতাখন ৷ কেৱল ভাৰততে নহয়, বিদেশতো চৰ্চা লাভ কৰা এই শ বছৰীয়া ইতিহাস গৰকা প্ৰতিযোগিতাখন এইবাৰ অনুষ্ঠিত নহয় ৷ আমি ক'ব বিচাৰিছো যোৰহাটৰ ঐতিহাসিক জিমখানা ক্লাব গ্ৰাউণ্ড অনুষ্ঠিত ঘোঁৰা দৌৰ প্ৰতিযোগিতাখনৰ কথা ৷ চাহ উদ্যোগৰ লগত সংযুক্ত হৈ থকা যোৰহাটৰ জিমখানা ক্লাৱত 1877 চনতে তেতিয়াৰ সন্মানীয় ব্ৰিটিছ ছেক্ৰেটাৰী চি আই শ্ব'ৱাৰ্ছৰ উদ্যোগত আৰম্ভ হোৱা এই ঘোঁৰা দৌৰ প্ৰতিযোগিতাখনক সেই সময়ত বিশ্বৰ ভিতৰতে দ্বিতীয়খন অন্যতম ঘোঁৰা দৌৰ প্ৰতিযোগিতা হিচাপে গণ্য কৰা হৈছিল ৷ এই ঐতিহাসিক প্ৰতোযোগিতাখনৰ বিষয়ে জানিবলৈ হ'লে আমি উভতি যাব লাগিব ১৮৬০ চনলৈ ৷ অসমত বৃটিছে লাহে লাহে চাহ বাগান খোলা আৰম্ভ কৰিছে ৷ চাহ খেতিৰ লগত জড়িত বৃটিছ লোক সকলে বিনোদনৰ বাবে এটা সুকীয়া ক্লাব প্ৰতিষ্ঠা কৰিছিল যোৰহাটত ৷ টি কোম্পানীৰ অধীক্ষক জে.হাটমেনৰ পৃষ্ঠপোষকতাত নিৰ্মাণ কৰা এই ক্লাবঘৰটো পিচলৈ জিমাখানা ক্লাৱ হিচাপে পৰিচিত হয় ৷

ব্ৰিটিছৰ দিনৰ পৰা চলি অহা এই প্ৰতিযোগিতাখনৰ বাবে জিমখানা ক্লাৱৰ বাকৰিত ঘোঁৰা ৰাখিবলৈ নিৰ্মাণ কৰা এইসমূহ আস্তাবল ৷ প্ৰতিবছৰে ফেব্ৰুৱাৰী মাহত জিমখানা ক্লাৱ গ্ৰাউণ্ডত তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখন কিন্তু এইবাৰ আয়োজন নহয় ৷ তাৰ কাৰণ নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ চলি থকাৰ বাবে এইবাৰ অনুষ্ঠিত নহয় এই ঐতিহাসিক প্ৰতিযোগিতাখন ৷ ইয়াৰ বিপৰীতে মাজুলীৰ জেংৰাইমুখত ৬,৭,৮ মাৰ্চত অনুষ্ঠিত হ'ব প্ৰদৰ্শনী মূলক ঘোঁৰা দৌৰ ৷

যোৰহাট ঘোঁৰা দৌৰৰ এক সুকীয়া মৰ্যাদা আছে কাৰণ দৌৰৰ সময়ত ইয়াৰ জকীয়ে জিন ব্যৱহাৰ নকৰে । যাৰ ফলত এই ব্যক্তিক্ৰমী পৰম্পৰাৰ বাবে কেৱল থলুৱা ঘোঁৰাই এই দৌৰত ভাগ লোৱা সত্ত্বেও আজিও যোৰহাট এই প্ৰতিযোগিতাখনে দেশী-বিদেশী পৰ্যটকক আকৰ্ষণ কৰি আহিছে। আনহাতে এই প্ৰতিযোগিতাখনৰ আন এক উল্লেখনীয় দিশ হৈছে স্থানীয় মিচিং সম্প্ৰদায়ৰ ভূমিকা । ইংৰাজৰ দিনৰ পৰাই প্ৰতিযোগিতাখনৰ সৈতে সৃংযুক্ত হৈ পৰা অবিভক্ত শিৱসাগৰ জিলাৰ মিচিং সম্প্ৰদায়ৰ লোকসকলে আজিও এই প্ৰতিযোগিতাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে । প্ৰতিযোগিতাত জাঁজীমুখ, মালৌখাত, চেঙেলীআতি, বাঘমৰা, কপাহতলী অঞ্চলৰ শতাধিক ঘোঁৰাই ভাগ লৈ আহিছে ।

এখন ঐতিহাসিক প্ৰতিযোগিতা

এই প্ৰতিযোগিতাত ৰাজ্যপালে মুখ্য অতিথি হিচাপে উপস্থিত থাকি সৌষ্ঠৱ বৃদ্ধি কৰি আহিছে প্ৰতিবছৰে লগতে বিজেতাসকলক ৰাজ্যপালৰ হাতেৰে সন্মানীয় গৱৰ্নৰ্ছ কাপ প্ৰদান কৰা হয় ৷

এইবাৰ পোন প্ৰথমবাৰৰ বাবে মাজুলীৰ জেংৰাইমুখত ৬,৭,৮ মাৰ্চত অনুষ্ঠিত হ'বলগীয়া প্ৰদৰ্শনী মূলক ঘোঁৰা দৌৰৰ বাবে ইতিমধ্যে সাজু হৈ পৰিছে জাজীমূখৰ ঘোঁৰাৰ লগতে ঘোঁৰাৰ গৰাকী ।

লগতে পঢ়কঃদৌল উৎসৱৰ বাবে উদুলি-মুদুলি সত্ৰনগৰী বৰপেটা

Last Updated : Mar 7, 2020, 6:00 PM IST

ABOUT THE AUTHOR

...view details