যোৰহাট, 17 আগষ্টঃ প্ৰকৃত ভাৰতীয় লোকৰ নাম যাতে নাগৰিক পঞ্জীৰ পৰা বাদ নপৰে তথা অবৈধ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ নাম যাতে নাগৰিকপঞ্জীত সোমাব নোৱাৰে তাৰ দাবীত যোৰহাট জিলা উপায়ুক্ত কাৰ্যলয়ৰ সন্মুখত এঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে হিন্দু জাগৰণ মঞ্চই ৷ এন আৰ চি ৰাজ্যিক সমন্বয়ক গৰাকীয়ে কোনো ধৰণৰ জাননী জাৰি নকৰাকৈয়ে ২৭ % তথ্য পুনৰীক্ষণ কৰা সন্দৰ্ভত সন্দেহ প্ৰকাশ কৰাৰ লগতে নাগৰিক পঞ্জী উইপ্ৰ' নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৱে তদাৰক কৰা সময়ত চাইমূল কৰিম নামৰ এজন লোকৰ নেতৃত্বত একাংশ ঠিকাভিক্তিক কৰ্মচাৰীয়ে স্পৰ্শকাতৰ বিষয় সমুহ পৰিচালনা কৰাত সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৱে ৷
শুদ্ধ এন আৰ চিৰ দাবী হিন্দু জাগৰণ মঞ্চৰ - অৱস্থান ধৰ্মঘট কাৰ্যসূচী হিন্দু জাগৰণ মঞ্চৰ
শুদ্ধ এন আৰ চি প্ৰস্তুতকৰণৰ দাবী হিন্দু জাগৰণ মঞ্চৰ ৷ এন আৰ চিৰ ৰাজ্যিক সমন্বয়কৰ বিৰুদ্ধে যোৰহাটত প্ৰতিবাদ ৷ কোনো ধৰণৰ জাননী জাৰি নকৰাকৈয়ে ২৭ % তথ্য পুনৰীক্ষণ কৰা সন্দৰ্ভত সন্দেহ প্ৰকাশ সংগঠনটোৰ ৷
শুদ্ধ এন আৰ চিৰ দাবী হিন্দু জাগৰণ মঞ্চৰ
বাংলাদেশৰ সীমান্তৱৰ্তী জিলা সমুহত ১০০% পূনৰীক্ষণ কৰিবলৈও দাবী জনাইছে সংগঠনটোৱে ৷