যোৰহাট, 25 জুলাই :এইবাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে চ'চিয়েল মিডিয়াত পোষ্ট কৰি গ্ৰেপ্তাৰ হ’ল যোৰহাটৰ এজন যুৱক ৷ গ্ৰেপ্তাৰ হোৱা যুৱকজন যোৰহাটৰ পূৱ বঙালপুখুৰীৰ নিবাসী অভিলাষ দত্ত বুলি জানিব পৰা গৈছে ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(PM Narendra Modi)ৰ বিৰুদ্ধে নিজৰ ফেচবুক একাউন্টত বিতৰ্কিত পোষ্ট লিখি এইদৰে গ্ৰেপ্তাৰ হ’বলগীয়া হ’ল যুৱকজন ৷
জানিব পৰা মতে, গ্ৰেপ্তাৰ হোৱা অভিলাষ দত্ত যোৰহাট জিলাৰ উপায়ুক্তৰ কাৰ্য্যালয়ৰ (Deputy Commissioners office Jorhat) এগৰাকী কৰ্মচাৰী ৷ সামাজিক মাধ্যমত (social media) বিনয় কুমাৰ লিখক নামৰ লোকজনে অভিলাষৰ এই বিতৰ্কিত পোষ্ট পৰিলক্ষিত কৰি এখন এজেহাৰ(FIR) দাখিল কৰে ৷ এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে যুৱকজনক ৷
যুৱকজনৰ বিৰুদ্ধে ৰুজু হোৱা ১৬৩২/২০২১ কেছ নম্বৰত ২৯৪,৫০৬,৫০৫,৩৮৭, আই টি এক্ট (IT act) ৬৭ ধাৰাত গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷