অসম

assam

ETV Bharat / state

যোৰহাটত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ - যোৰহাটত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদ

যোৰহাটত এন আৰ চিত বিনাচৰ্তে নাম অন্তৰ্ভুক্তিৰ দাবীত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৷

যোৰহাটত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

By

Published : Sep 20, 2019, 5:26 PM IST

যোৰহাট, 20 চেপ্তেম্বৰঃ যোৰহাটত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৷ জিলাখনৰ এক হাজাৰৰো অধিক লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাই এন আৰ চিত ৷ সেয়েহে সন্থাটোৰ সদস্যসকলে প্ৰতীক হাজেলা মুৰ্দাবাদ ধ্বনীৰে উত্তাল হৈ পৰে প্ৰতিবাদস্থলী ৷

যোৰহাটত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

উল্লেখ্য যে সমগ্ৰ ৰাজ্যত এক লাখৰো অধিক গোৰ্খা লোকৰ নাম অন্তৰ্ভুক্ত নহ'ল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীত ৷ আনকি এসময়ৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি চৱীলাল উপাধ্যায়ৰ পৰিয়ালো অন্তৰ্ভুক্ত নহ'ল নাগৰিক পঞ্জীত ৷ আনহাতে যোৰহাট জিলা খনতে প্ৰায় এক হাজাৰৰো অধিক লোকৰ নাম অন্তৰ্ভুক্ত নহ'ল এন আৰ চিত ৷ যাৰ ফলত শংকিত হৈ পৰিছে যোৰহাটৰ লগতে ৰাজ্যখনৰ গোৰ্খাসকল ৷

আজি এন আৰ চিত গোৰ্খা সকলৰ নাম অন্তৰ্ভুক্তিৰ দাবীত গোৰ্খা ছাত্ৰ সন্থাৰ উদ্যোগত যোৰহাট জিলা খনৰ বিভিন্ন ঠাইৰ প্ৰায় শতাধিক গোৰ্খা লোকে জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৬ ঘন্টা যোৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

ABOUT THE AUTHOR

...view details