যোৰহাট, ২৫ জুন :যোৰহাটবাসীৰ বাবে এক গৌৰৱৰ খবৰ ৷ যোৰহাটৰ ইমন কল্যাণী ওজাই সদ্য ঘোষিত National Institute Of Design (NID)ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাছনি পৰীক্ষাত ৪২ সংখ্যক স্থান অধিকাৰ কৰি চাৰি বছৰীয়া Bachelor of Design (B. Des) পাঠ্যক্ৰমত নামভৰ্তি কৰিবলৈ যোগ্যতা অর্জন কৰিছে । ইমন কল্যাণী হৈছে জ্যেষ্ঠ সাংবাদিক তথা বৰ্তমান যোৰহাটৰ বাসিন্দা যোগেশ ওজা আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰুমী মলীয়া ওজাৰ দ্বিতীয়া কন্যা ।
সততে অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে ঢুকি নোপোৱা এন আই ডিৰ দৰে দেশৰ শীর্ষ শিক্ষা প্ৰতিষ্ঠানত পঢ়িবলৈ যোগ্যতা অর্জন কৰি ইমনে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে । সৰুৰে পৰা গল্প-কবিতা লিখি, ছবি আঁকি ভাল পোৱা ইমনে নিজৰ প্ৰতিভাৰ বলত শিল্পকলা আৰু সংগীত চৰ্চাত মনোনিৱেশ কৰে ৷
জানিব পৰা মতে, ইতিমধ্যে ইমনে সংগীতত ভাতখানদে সংগীত বিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰীও লাভ কৰিবলৈ সক্ষম হৈছে । সহজ অৰ্থত ইমন এগৰাকী ভাল কণ্ঠশিল্পীও । ‘‘আনে যোৱা বাটে নোযোৱা ছোৱালীজনী’’য়ে ইতিপূৰ্বে National Institute of Fashion Technology (NIFT) ৰ বাছনি পৰীক্ষাতো ৰাষ্ট্ৰীয় পৰ্যায়ত ২০১ সংখ্যক স্থান অধিকাৰ কৰি Bachelor of Design (B. Des) আৰু Indian Institute of Technology ( IIT) ত একে পাঠ্যক্ৰম পঢ়িবলৈও UCEED যোগে যোগ্যতা অর্জন কৰি থৈছে ।