যোৰহাট, 22 জুলাইঃ ২২ মে তাৰিখে ভোগদৈৰ বাঢ়নী পানীয়ে উত্তৰ পশ্চিম যোৰহাটৰ মালৌখাতত ভোগদৈ মাথাউৰি ছিঙি প্ৰায় ২০ খনৰো অধিক গাঁও প্লাবিত কৰিছিল । কিন্তু মাজতে কিছু দিন বতৰ ফৰকাল হোৱাৰ লগতে ভোগদৈ নদীৰ বাঢ়নী পানী ক্ৰমান্বয়ে কমিবলৈ ধৰাত বান পৰিস্থিতি কিছু উন্নত হৈছিল উত্তৰ পশ্চিম যোৰহাটত ৷ কিন্তু পুনৰ দেওবাৰৰ পৰা পুনৰ ভোগদৈ নৈৰ পানী বাঢ়িবলৈ ধৰাত মালৌখাতৰ ছিগা অংশৰে বাঢ়নী পানী সোমাই অহাত আকৌ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত ৷
যোৰহাটৰ মালৌখাত পুনৰ বানৰ সংহাৰ - flood situation
পুনৰ প্লাৱিত মালৌখাত। পানীত হাহ নচৰা অৱস্থা বানাক্ৰান্তৰ। সম্পূৰ্ণ দুটা মাহ অতিক্ৰম কৰিলে ভোগদৈৰ বাঢ়নী পানীৰ কৱলত পৰা ২০ খনৰো অধিক গাঁৱত ৷
আনহাতে মালৌআলি আৰু শলমৰা গড়কাপ্তানী পথটো পুনৰ প্লাৱিত হোৱাত যোগাযোগ ব্যৱস্থা বিছিন্ন হৈ পৰিছে উত্তৰ পশ্চিম যোৰহাটৰ মালৌখাত, মালৌপাম,কেৰীমেৰী দৰে কৃষি প্ৰধান অঞ্চল সমূহৰ মাজত ৷
উল্লেখযোগ্য যে চৰকাৰে বানপানীৰ সময়ত ক্ষতিগ্ৰস্ত হোৱা ঘৰ,পশু আদিৰ বাবত দিবলৈ লোৱা আৰ্থিক সাহাৰ্যৰ নামত স্বয়ং চৰকাৰী গাওবুঢ়াই পৰিয়াল কেন্দ্ৰিক ৰাজনীতি কৰাৰো গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপিত কৰিছে বানাক্ৰান্ত ৰাইজে ।
উল্লেখযোগ্য যে উত্তৰ পশ্চিম যোৰহাটৰ বানাক্ৰান্ত ৰাইজে বান সমস্যাৰ পৰা পৰিত্ৰাণ বিচাৰি হাবাথুৰি খাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত । কিন্তু ইমানৰ পাছতো বানাক্ৰান্ত ৰাইজে পোৱা নাই চৰকাৰী সাহাৰ্য । ইয়াৰ উপৰিও দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়ক ভবেন্দ্ৰ নাথ ভৰালীয়ে ৰাইজৰ অভাৱ অভিযোগ গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপিত কৰিছে স্থানীয় ৰাইজে ।