যোৰহাট,5 ডিচেম্বৰ:অসম মাতৃৰ অন্য এক বলিষ্ঠ কন্ঠ লুৰিণজ্যোতি গগৈ । অসম মাতৃক সেৱা কৰাৰ মানসেৰে সদৌ অসম ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনত লুৰিণজ্যোতি গগৈয়ে বিদায় ল'লে আছুৰ মজিয়াৰ পৰা । লুৰিণজ্যোতি গগৈয়ে বিদায় লোৱাৰ পিছতেই অসমৰ প্ৰতিটো চুকে-কোণে আছু কৰ্মী, দল-সংগঠনৰ বিষয়ববীয়াই জনাইছে বিদায় সম্বৰ্ধনা ।
যোৰহাটতো শুকুৰবাৰে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই আয়োজন কৰে অসমৰ বলিষ্ঠ কন্ঠ লুৰিণজ্যোতি গগৈৰ বিদায় সম্বৰ্ধনাৰ এক অনুষ্ঠান । যোৰহাটত উপস্থিত হোৱাৰ পিছতেই শতাধিক আছু কৰ্মীয়ে আদৰি আনে নেতাগৰাকীক ।