যোৰহাট, 2 ছেপ্তেম্বৰঃ প্ৰয়াত দেৱেন দত্তৰ হত্যাৰ লগত জড়িত দোষীক শাস্তিৰ দাবীত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সকলে সোমবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ শনিবাৰে যোৰহাটৰ টিয়ক চাহ বাগিচাত নৃশংস ভাৱে হত্যা কৰা হৈছিল চিকিৎসক দেৱেন দত্তক ৷
চিকিৎসকৰ প্ৰতিবাদত স্তব্ধ যোৰহাট চিকিৎসা মহাবিদ্যালয় - যোৰহাটৰ টিয়ক চাহ বাগিচা
জৰুৰীকালীন সেৱাৰ বাহিৰে সকলো সেৱা বন্ধ যোৰহাটত ৷
চিকিৎসক সকলে জৰুৰীকালীন সেৱাৰ বাহিৰে মহাবিদ্যালয় খনৰ সকলো ধৰণৰ চিকিৎসা সেৱা বন্ধ কৰিছে। আনহাতে যোৰহাট জিলাৰ সকলো পেথলেৱ সমূহ দুটা দিনৰ বাবে সম্পূৰ্ণ ৰূপে বন্ধ হোৱাৰ ফলত স্থবিৰ হৈ পৰিছে চিকিৎসা সেৱা। যাৰফলত জনসাধাৰণৰ হাহাকাৰ অৱস্থা হৈ পৰিছে ৷ ইপিনে দেৱেন দত্তৰ হত্যাকাৰীক ফাষ্ট ট্ৰেক কৰ্টৰ জড়িয়তে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী কৰিলে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক সন্থাই। উল্লেখ্য যে 73 বছৰীয়া দেৱেন দত্তই অৱসৰ গ্ৰহণ কৰি মানৱ সেৱাৰ উদ্দেশ্য আগত ৰাখি বিনা বেতনে টিয়ক চাহ বাগিচাৰ চিকিৎসালয খনত সেৱা আগবঢ়াই আহিছিল। যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ সৌৰভ বৰকাকতিয়ে কয় যে চিকিৎসকৰ ওপৰত ঘটা ঘটনা এইয়াই শেষ হওক । আনহাতে আজি যোৰহাটত জিলাৰ ভিত্তিত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ ওপৰিও 3 ছেপ্টেম্বৰত ৰাজ্য জুৰি দেৱেন দত্তৰ হত্যাৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হ'ব।