অসম

assam

By

Published : Jul 1, 2023, 1:37 PM IST

ETV Bharat / state

Jorhat Divas : তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে যোৰহাট জিলা দিৱস

তিনিদিনীয়া কাৰ্যসূচীৰে যোৰহাটত পালন কৰা হৈছে জিলা দিৱস ৷ আজি সামৰণি অনুষ্ঠানৰ দিনা প্ৰদৰ্শন কৰা হ’ব 'শকুনিৰ প্ৰতিশোধ' ৷ কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলা উপায়ুক্ত পুলক মহন্তই ৷

Jorhat Divas celebrated in Jorhat
তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈছে যোৰহাট জিলা দিৱস

যোৰহাট জিলা দিৱস পালন

যোৰহাট, 1 জুলাই : বৰ্ণাঢ্য কাৰ্যসূচীৰে যোৰহাটত পালন কৰা হৈছে জিলা দিৱস ৷ 1983 চনৰ 1 জুলাইৰ দিনটোতে অবিভক্ত শিৱসাগৰ জিলাৰ পৰা পৃথক হৈ এখন সুকীয়া জিলা জন্ম হৈছিল আৰু সেই জিলাখনেই হ'ল বৌদ্ধিক চিন্তাৰ প্ৰাণকেন্দ্ৰ আৰু সাংস্কৃতিক ৰাজধানী যোৰহাট । ৰাজ্য চৰকাৰৰ নিৰ্দেশ অনুসৰি এইবাৰ 29 জুনৰ পৰা তিনিদিনীয়াকৈ পালন কৰা হৈছে যোৰহাট জিলা দিৱস ।

জিলা দিৱসৰ আজি শেষৰ দিনটোত যোৰহাট কছাৰী ময়দানৰ পৰা উলিওৱা হয় এক সাংস্কৃতিক শোভাযাত্ৰা ৷ প্ৰতিটো জাতি-জনগোষ্ঠীয়ে অংশগ্ৰহণ কৰে বাৰেৰহনীয়া এই সাংস্কৃতিক শোভাযাত্ৰাত । 1 জুনৰ পুৱাৰ ভাগত উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাত জিলাবাসীয়ে স্বতঃস্ফুৰ্তভাৱে ওলাই আহি অংশগ্ৰহণ কৰে ।

আনহাতে আজি জিলা দিৱস কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলা উপায়ুক্ত পুলক মহন্তই ৷ দিনটো সন্দৰ্ভত ক’বলৈ গৈ উপাযুক্তগৰাকীয়ে যোৰহাটবাসী ৰাইজৰ বিভিন্ন গুণ উল্লেখ কৰাৰ লগতে জিলা দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে আৰু উক্ত আঁচনিসমূহ একোখন গাঁওৰ শেষ ঘৰটো পৰ্যন্তলৈ লৈ যোৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি উল্লেক কৰে । সাংস্কৃতিক শোভাযাত্ৰাৰ লগতে যোৰহাট জিলাৰ সকলো চাহ বাগিছাত পতাকা উত্তোলন আৰু চৰকাৰী বিভিন্ন আঁচনি, আধাৰ পঞ্জীয়ন, নিচাযুক্ত সামগ্ৰীৰ প্ৰতিৰোধ, বাল্য বিবাহ প্ৰতিৰোধ, পথ নিৰাপত্তা আদিকে ধৰি বিভিন্ন বিষয়ত সজাগতামূলক সভা অনুষ্ঠিত হয় ৷ সন্ধিয়া যোৰহাট জিলা প্ৰশাসনৰ বিষয়া-কৰ্মচাৰী অভিনীত 'শকুনিৰ প্ৰতিশোধ' নামৰ ভাওনাখন যোৰহাট জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব বুলি জানিবলৈ পৰা গৈছে ।

জিলা দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানত উপস্থিত লোকক বিশেষভাৱে আপ্যায়িত কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক :School amalgamation at Jonai : বিদ্যালয় একত্ৰিকৰণৰ বিৰুদ্ধে জোনাইত শিক্ষাৰ্থীৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details