অসম

assam

ETV Bharat / state

Mid day meal workers protest: মুখ্যমন্ত্ৰী বিৰোধী প্ৰতিবাদত উত্তাল যোৰহাট চহৰৰ মাজমজিয়া

যোৰহাটৰ ৰাজপথত মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী বিৰোধী শ্ল'গান । শতাধিক মহিলাই প্ৰতিবাদেৰে কঁপালে জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰৱেশ দ্বাৰ (Jorhat district mid day meal workers protest) ৷

Jorhat district mid day meal workers protest
প্ৰতিবাদেৰে উত্তাল যোৰহাট চহৰৰ মাজমজিয়া

By

Published : Apr 28, 2023, 8:27 PM IST

প্ৰতিবাদেৰে উত্তাল যোৰহাট চহৰৰ মাজমজিয়া

যোৰহাট, 28 এপ্ৰিল :কেইবা শতাধিক মহিলাই প্ৰতিবাদেৰে উত্তাল কৰিলে কৰিলে যোৰহাট চহৰৰ মাজমজিয়া ৷ জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰৱেশ দ্বাৰৰ সন্মুখত এই প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে ৷ প্ৰতিবাদকাৰী সকলে যুক্তিগত কথাৰে অসমৰ মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ যোৰহাট জিলা মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মীয়ে কৰে এই প্ৰতিবাদ ৷

যোৰহাট জিলা ৰন্ধন কৰ্মীয়ে প্ৰতিবাদৰ জৰিয়তে পালন কৰিছে কৰ্মবিৰতি । সদৌ অসম মধ্যাহ্ন ভোজন আঁচনি যোৰহাট জিলা উচ্চ নিম্ন সন্মিলিত ৰান্ধনি সহায়িকা সন্থাই শুকুৰবাৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সহ্ৰাধিক ৰন্ধন কৰ্মীয়ে অংশ লয় এই প্ৰতিবাদী কাৰ্যসূচীত (Jorhat district mid day meal workers protest) ৷

প্ৰতিবাদ সাব্যস্ত কৰি ৰন্ধন কৰ্মী সকলে ৰাজ্য চৰকাৰ হায় হায়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা গ’ বেক, শিক্ষা মন্ত্ৰী হুঁচিয়াৰ, আমাৰ প্ৰাপ্য মুকলি কৰি দিয়ক আদি শ্ল’গানেৰে উত্তপ্ত কৰি তোলে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখ ভাগ । তাপৰ্যপূৰ্ণ যে ৰন্ধন কৰ্মীসকলৰ মাননি বৃদ্ধি কৰা, অনাদায় মাননি প্ৰদান কৰা, মাননি নিয়মীয়া কৈ প্ৰদান কৰা,কাম হেৰুৱা ৰন্ধন কৰ্মীক এককালীন আৰ্থিক সাহাৰ্য প্ৰদান কৰা, সামাজিক সুৰক্ষা প্ৰদান কৰাৰ দাবীত আজি সহ্ৰাধিক মধ্যাহ্ন ভোজন ৰন্ধন কৰ্মী সকলে প্ৰতিবাদত নামিবলৈ বাধ্য হয় (mid day meal workers protest) ৷

প্ৰতিবাদকাৰী ৰন্ধন কৰ্মী সকলে যোৰহাট নগৰৰ মাজেৰে তেওঁ লোকৰ বিভিন্ন দাবী সম্বলিত শ্ল’গানেৰে সমদল কৰি আজি পৰাৰ কৰ্মবিৰতি পালন কৰাৰ কথা উল্লেখ কৰে ৷ লগতে এই কৰ্মবিৰতিৰ কোনো সময়সীমা নাই বুলিও মন্তব্য কৰে ৷ উল্লেখ্য যে, ২০২২ বৰ্ষৰ পৰাৰ আজি প্ৰতিবাদত নমা ৰন্ধন কৰ্মী সকলে চৰকাৰ পৰা কোনো ধৰণৰ পৰিতোষিক লাভ কৰাৰ নাই । যেতিয়ালৈকে চৰকাৰে তেওঁলোকৰ পৰিতোষিক আৰু মজুৰি বৃদ্ধি নকৰে সেই পৰ্যন্ত কৰ্মবিৰতি পালন কৰা হ’ব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী ৰন্ধনকৰ্মীয়ে ।

আজিৰে পৰা ৰন্ধন কৰ্মচাৰী সকলে পালন কৰাৰ কৰ্মবিৰতিৰ বাবে শিক্ষাৰ্থী সকল দুপৰীয়া আহাৰৰ পৰা বঞ্চিত হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে । কেতিয়া সমাধান হ'ব এই সকল ৰন্ধন কৰ্মচাৰীৰ দীৰ্ঘদিনীয়া সমস্যা ? চৰকাৰে গুৰত্ব দিবনে এইসকল কৰ্মীৰ দীৰ্ঘদিনীয়া সমস্যাক, এইয়া এতিয়া এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে ।

লগতে পঢ়ক :Moral police incidents of Assam: সভ্য সমাজৰ চাবিকাঠি আমিয়েই গতাইছো নেকি মৰেল পুলিচৰ হাতত !

ABOUT THE AUTHOR

...view details