অসম

assam

ETV Bharat / state

সাংবাদিক নিগ্ৰহৰ বিৰুদ্ধে ই-মিডিয়া সন্থাৰ ক'লা বেজ পৰিধান - যোৰহাট জিলা ই মিডিয়া সন্থাৰ ক'লা বেজ পৰিধান

এগৰাকী সাংবাদিকক তিতাবৰ মহকুমাৰ দণ্ডাধীশ বেদাংগ কাশ্যপ‌ দাসে ৰাজহুৱাভাৱে অপমান কৰা কাৰ্যক যোৰহাট জিলা ই-মিডিয়া সন্থাই গৰিহণা দিয়ে । দণ্ডাধীশগৰাকীৰ বিৰুদ্ধে যোৰহাট জিলা ই-মিডিয়া সন্থাই ক’লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে স্মাৰক প্ৰত্ৰ পদান কৰে ।

Jorhat district e media association
গৰাকী দণ্ডাধীশৰ বিৰুদ্ধে যোৰহাট জিলা ই-মিডিয়া সন্থাৰ ক'লা বেজ পৰিধান

By

Published : Aug 2, 2021, 10:26 PM IST

যোৰহাট, ২ আগষ্ট :যোৱা ৩১ জুলাইত তিতাবৰৰ বিবিজানত সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা ই-মিডিয়াৰ সাংবাদিকক তিতাবৰ মহকুমাৰ দণ্ডাধীশ বেদাংগ কাশ্যপ‌ দাসে ৰাজহুৱাভাৱে অপমান কৰা কাৰ্যক যোৰহাট জিলা ই-মিডিয়া সন্থাই গৰিহণা দিছে । এই কাণ্ডৰ প্ৰতিবাদ জনাই সোমবাৰে যোৰহাট জিলা ই-মিডিয়া সন্থাৰ প্ৰতিজন সদস্যই ক'লা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ দণ্ডাধীশগৰাকীয়ে ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী জনাইছে যোৰহাট জিলা ই-মিডিয়া সন্থাই ৷

দণ্ডাধীশগৰাকীৰ বিৰুদ্ধে ব্যৱস্থাৰ গ্ৰহণ কৰিবলৈ যোৰহাট জিলাৰ উপায়ুক্তৰ হাতত যোৰহাট জিলা ই-মিডিয়া সন্থাই এক স্মাৰক পত্ৰ প্ৰদান কৰে । তিতাবৰৰ বিবিজানত এক মৃত্যু সম্পৰ্কীয় বাতৰি সংগ্ৰহ কৰিবৰ বাবে গৈছিল সাংবাদিকসকল ৷ বাতৰি সংগ্ৰহৰ বাবে যাওতে তিতাবৰ মহকুমাৰ কাৰ্যবাহী দণ্ডাধীশ বেদাংগ কাশ্যপ দাসে তিতাবৰৰ সাংবাদিকক দুৰ্ব্যৱহাৰ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে তিতাবৰ সাংবাদিকসকলে ।

সাংবাদিকৰ প্ৰতিবাদ

লগতে পঢ়ক: লাফিকুলৰ হত্যাকাণ্ড : তিনি হত্যাকাৰীৰ নাম ঘোষণা CBI ৰ

তিতাবৰ মহকুমাৰ গ্ৰাম্য সাংবাদিক সন্থাই সদৰী কৰা মতে, বিবিজান অঞ্চলত এগৰাকী লোকৰ মৃত্যু হোৱাৰ সংবাদ লাভ কৰিছিল সাংবাদিকসকলে । পৰিয়ালৰ লোকে উক্ত ঘটনাক হত্যাকাণ্ড বুলি সন্দেহ কৰাৰ বাবেই এই খবৰ প্ৰকাশ কৰিবলৈ সাংবাদিকসকলক আমন্ত্ৰণ কৰিছিল ৷ কিন্তু ঘটনাস্থলীত উপস্থিত সাংবাদিকসকলক দণ্ডাধীশগৰাকীয়ে ইয়াত চিনেমাৰ শ্বুটিং চলিছে নেকি বুলি কটু বাক্য়বাণ প্ৰয়োগ কৰে ৷ যাৰ ফলত সোমবাৰে জিলাখনৰ সাংবাদিকসকলে প্ৰতিবাদ সাব্যস্ত কৰি ক’লা বেজ পৰিধান কৰে ৷

ABOUT THE AUTHOR

...view details