অসম

assam

ETV Bharat / state

Jorhat District Day: টীয়কবাসীয়ে লাভ কৰিব নিয়মীয়া বিশুদ্ধ পানী - Jorhat District Day

যোৰহাট জিলা দিৱস উপলক্ষে টীয়কৰ নৱনিৰ্মিত চূড়ামণি পানী যোগান আঁচনিৰ মুকলি কৰে সাংসদ তপন কুমাৰ গগৈয়ে ৷

Jorhat District Day observed at Teok
টীয়কবাসীয়ে লাভ কৰিব নিয়মীয়া বিশুদ্ধ পানী

By

Published : Jun 29, 2023, 8:34 PM IST

টীয়কবাসীয়ে লাভ কৰিব নিয়মীয়া বিশুদ্ধ পানী

টীয়ক, 29 জুন : যোৰহাট জিলাত প্ৰথমবাৰৰ বাবে উদযাপন কৰা হৈছে যোৰহাট জিলা দিৱস ৷ 1983 চনৰ 1 জুলাইত যোৰহাটক জিলা হিচাপে ঘোষণা কৰা হৈছিল ৷ বৃহস্পতিবাৰে যোৰহাট জিলা দিৱস উপলক্ষে টীয়কৰ নৱনিৰ্মিত চূড়ামণি পানী যোগান আঁচনিৰ মুকলি কৰে সাংসদ তপন কুমাৰ গগৈয়ে ৷

যোৰহাট জিলা দিৱসৰ উপলক্ষে যোৰহাট জিলা প্ৰশাসনে আজিৰ পৰা তিনিদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে যোৰহাট জিলা দিৱস উদযাপন কৰিছে ৷ আজি প্ৰথম দিনাৰ বিভিন্ন বিশেষ কাৰ্যসূচীসমূহৰ ভিতৰত টীয়ক সমষ্টিৰ অন্তৰ্গত বামুণপুখুৰী পঞ্চায়তত যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগে জলজীৱন আঁচনিৰ অধীনত নিৰ্মাণ কৰা চূড়ামণি নতুন পানী যোগান আঁচনিৰ উদ্বোধন কৰা হয় ৷

যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈয়ে উদ্বোধন কৰা এই অনুষ্ঠানত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্ত, জনস্বাস্থ্য কাৰিকৰী বিভাগ যোৰহাট সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা ভাস্কৰ শৰ্মা, স্থানীয় বিশিষ্ট শিক্ষাবিদ খগেন ফুকনকে প্ৰমুখ্য কৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

উল্লেখযোগ্য যে, উক্ত আঁচনিৰ অধীনত জিলাখনত অনাগত দিনত আৰু 30 টাকৈ অত্যাধুনিক প্ৰযুক্তিৰে নৱনিৰ্মিত পানী যোগান আঁচনি মুকলি কৰা হ'ব ৷ ইয়াৰোপৰি জিলাখনত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন "হৰ ঘৰ নল হৰ ঘৰ জল" আঁচনি ফলপ্ৰসু হ'ব বুলি জানিব পৰা গৈছে ৷ ইপিনে আজি উদ্বোধন কৰা আঁচনিখনে বৃহত্তৰ বামুণ পুখুৰী অঞ্চলৰ প্ৰায় 292 ঘৰ ব্যক্তিৰ গৃহত বিশুদ্ধ পানীৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিবলৈ দিয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কৰ্তৃপক্ষই ৷

লগতে পঢ়ক:Governmentalization of Science Stream: ডুমডুমা মহাবিদ্যালয়লৈ সুখবৰ, বিজ্ঞান শাখা চৰকাৰীকৰণ

ABOUT THE AUTHOR

...view details