অসম

assam

ETV Bharat / state

দৈনিক বজাৰ পৰিদৰ্শন কৰিলে যোৰহাট জিলা উপায়ুক্তই

ক'ভিড আক্ৰান্তৰ সংখ্যা কমিছে যদিও এতিয়াও অধিক সতৰ্ক হৈ থকা দেখা গৈছে যোৰহাট জিলা প্ৰশাসন ৷ যোৰহাটৰ বিশেষকৈ নিউভিল ৰোড বজাৰ খনত মঙলবাৰে পুৱাৰ ভাগত পৰিদৰ্শন কৰে যোৰহাট জিলা উপায়ুক্ত অশোক বৰ্মন আৰু আৰক্ষী অধীক্ষক অংকুৰ জৈনে ৷

By

Published : May 25, 2021, 5:17 PM IST

দৈনিক বজাৰ পৰিদৰ্শন কৰিলে যোৰহাট জিলা উপায়ুক্তই
দৈনিক বজাৰ পৰিদৰ্শন কৰিলে যোৰহাট জিলা উপায়ুক্তই

যোৰহাট, 25 মে' :ৰাজ্যৰ লগতে যোৰহাট জিলাতো ক'ভিডে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ আগতকৈ জিলাখনত ক'ভিড আক্ৰান্তৰ সংখ্যা কমিছে যদিও এতিয়াও অধিক সতৰ্ক হৈ থকা দেখা গৈছে যোৰহাট জিলা প্ৰশাসন ৷

দৈনিক বজাৰ পৰিদৰ্শন কৰিলে যোৰহাট জিলা উপায়ুক্তই

যোৰহাটৰ বিশেষকৈ নিউভিল ৰোড বজাৰ খনত মঙলবাৰে পুৱাৰ ভাগত পৰিদৰ্শন কৰে যোৰহাট জিলা উপায়ুক্ত অশোক বৰ্মন আৰু আৰক্ষী অধীক্ষক অংকুৰ জৈনে ৷ পুৱাতে বজাৰখনত ব্যাপক ভিৰ হয় যদিও এই কেইদিনত বজাৰখনত গ্ৰাহক বিক্ৰেতাৰ ভিৰৰ কথাও সদৰি কৰে উপায়ুক্ত অশোক বৰ্মনে ৷

বৰ্তমানৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বজাৰখন অন্য স্থানলৈ স্থানান্তৰ কৰাৰ কথাও জানিবলৈ দিযে উপায়ুক্ত গৰাকীয়ে ৷ ‘বিগত সময়ছোৱাত এই বজাৰখনত ব্যাপক ভিৰ দেখা গৈছিল ৷ যাৰ বাবে বজাৰ খন ভাগ ভাগ কৰি ক'ভিড প্ৰট'কলৰ বাবে অন্য স্থানলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা অতি সোনকালে কৰা হ'ব ৷’ এই দৰে মন্তব্য প্ৰকাশ কৰে যোৰহাট জিলা উপায়ুক্ত অশোক বৰ্মনে ৷

লগতে পঢ়ক: মীন পালনেৰে স্বাৱলম্বীতাৰ নিৰ্দশন উমানন্দৰ

ABOUT THE AUTHOR

...view details