টীয়ক, ১৪ জুন:বিতৰ্কই লগ নেৰা যোৰহাট জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতাই অৱশেষত টীয়ক প্ৰেছ ক্লাৱৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰিলে । যোৰহাট জিলা বিজেপিৰ সভাপতিগৰাকীৰ কোনো দিনা যদি দল ত্যাগৰ বিতৰ্ক ,আকৌ আন কোনো দিনা সাংবাদিকক অভব্য আচৰণ কৰি সভাগৃহৰ পৰা বাহিৰ কৰি দিয়াৰ বিতৰ্ক। ইয়াৰ মাজতে আকৌ সাংবাদিক অভব্য আচৰনেৰে সভাগৃহৰ পৰা উলিয়াই সাংবাদিক সন্থাৰ ৰোষত পৰিল যোৰহাট জিলা বিজেপিৰ সভাপতিগৰাকী ।
উল্লেখযোগ্য যে যোৱা ১২ জুনত টীয়কৰ ফুডভিলা সভাগৃহত অনুষ্ঠিত মোডী চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে মহা জনসম্পৰ্ক অভিযানৰ জ্যেষ্ঠ কাযকৰ্তা সন্মিলিনলৈ নিমন্ত্ৰণ কৰা টীয়কৰ সাংবাদিকৰ দলক সভাপতিগৰাকীয়ে অভব্য আচৰনেৰে সভাগৃহৰ পৰা উলিয়াই পঠিওৱা ঘটনাৰ পাছতে সমগ্ৰ যোৰহাট জিলাৰ সাংবাদিকসকল ক্ষুদ্ধ হয় । সভিপতিগৰাকীৰ এনে আচৰণৰ বিৰুদ্ধাচৰণ কৰি তেওঁৰ সকলো অনুষ্ঠান যোৰহাট জিলা ই-মিডিয়া, টীয়ক প্ৰেছ ক্লাৱ আৰু তিতাবৰ গ্ৰাম্য সাংবাদিক সন্থাই বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে । উল্লেখ্য় যে যোৱা সোমবাৰে টীয়কত অনুষ্ঠিত বিজেপিৰ মহা জনসম্পৰ্ক আৰু জ্যেষ্ঠ কাৰ্যকতাৰ সভাত টীয়ক প্ৰেছ ক্লাৱৰ সম্পাদকসহ কেইবাগৰাকী সাংবাদিকক ৰাজহুৱাকৈ অপমান কৰাৰ প্ৰতিবাদ জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰে তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাই ।