অসম

assam

ETV Bharat / state

CIDF ফাণ্ডৰ ধন আত্মসাৎ কৰি ৰঙাঘৰত সোমাল যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰী - ফাইনেঞ্চ আৰু একাউন্টেন্ট অফিচাৰ বন্দনা দেৱী

ধন আত্মসাতৰ অভিযোগত অভিযুক্ত যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰী দীপক বৰাক গ্ৰেপ্তাৰ যোৰহাট আৰক্ষীৰ ৷  77 লাখ 80 হাজাৰ টকাৰ ধন আত্মসাৎ কৰাৰ অভিযোগ আছিল দীপক বৰাৰ বিৰুদ্ধে ৷

Jorhat District Admistration employee Dipak bora arrested
CIDF ফাণ্ডৰ ধন আত্মসাৎ কৰি ৰঙাঘৰত সোমাল যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰী

By

Published : Jan 27, 2020, 11:41 PM IST

যোৰহাট, 27 জানুৱাৰীঃ যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰী দীপক বৰা অৱশেষত পৰিল আৰক্ষীৰ জালত ৷ 77 লাখ 80 হাজাৰ টকাৰ ধন আত্মসাৎ কৰাৰ অভিযোগ আছিল দীপক বৰাৰ বিৰুদ্ধে ৷ যোৰহাট আৰক্ষীৰ এটা দলে মহাৰাষ্ট্ৰ আৰক্ষীৰ সহযোগত মহাৰাষ্ট্ৰৰ শিৰদীৰ পৰা শনিবাৰে আটক কৰিবলৈ সক্ষম হয় দীপক বৰাক ৷ উল্লেখ্য যে CIDF ফাণ্ডৰ ধন বৰাই যোৰহাট জিলা উপায়ুক্ত ৰৌশনী অপৰাঞ্জেয় কাৰেতেৰ লগতে ফাইনেঞ্চ আৰু একাউন্টেন্ট অফিচাৰ বন্দনা দেৱীৰ জাল চহী কৰি 6 খন চেকযোগে ধনখিনি চেণ্ট্ৰেল বেংকৰ যোৰহাট শাখাৰ পৰা উলিয়াইছিল ৷

CIDF ফাণ্ডৰ ধন আত্মসাৎ কৰি ৰঙাঘৰত সোমাল যোৰহাট জিলা প্ৰশাসনৰ কৰ্মচাৰী

আনহাতে বিত্তীয় খেলিমেলিৰ বাবে বিগত বৰ্ষৰ জুলাই মাহৰ পৰা চাকৰিৰ পৰা নিলম্বিত হৈ আছিল দীপক বৰা ৷ বিগত বৰ্ষৰ 19 ফেব্ৰুৱাৰীত যোৰহাট জিলা প্ৰশাসনৰ উন্নয়ন বিভাগত সংঘটিত হোৱা অগ্নিকাণ্ডৰো মূল অভিযুক্ত আছিল দীপক বৰা ৷ গ্ৰেপ্তাৰ কৰাৰ পিচত জিলা ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় বৰাক ৷ আদালতে 12 দিনৰ বাবে যোৰহাট আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে দীপক বৰাক ৷ আনহাতে এই ঘটনাৰ লগত আৰু কিছু লোক জড়িত থকাৰ সন্দেহ ব্যক্ত কৰে আৰক্ষীয়ে ৷ ইয়াকে লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

আৰু পঢ়কঃওদালগুৰিত ৫ বছৰীয়া কিশোৰীক দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা

ABOUT THE AUTHOR

...view details