যোৰহাট, 18 মে’: যোৰহাট জিলা উপায়ুক্তৰ সভাকক্ষত সোমবাৰে উপায়ুক্ত ৰোশনী অপৰাঞ্জী কোৰাটীয়ে গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰি কৃষকসকলক শস্য উৎপাদনৰ হেতু ‘ক্ষুদ্ৰ পাচলি বাৰী’ নামৰ এক নতুন আঁচনিৰ শুভাৰম্ভ কৰে ৷ তেওঁ উল্লেখ কৰা অনুসৰি, এই আঁচনিত কৃষকসকলৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছে কিছুমান গুৰুত্বপূৰ্ণ সুবিধা ৷
যোৰহাটত জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ সংবাদমেল - শস্যৰ বীজসমূহ কৃষকসকলৰ মাজত বিতৰণ
সোমবাৰে যোৰহাটত জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ সংবাদমেল ৷ উপায়ুক্ত সভা কক্ষত হোৱা সংবাদমেলৰ পিছতে আনুষ্ঠানিকভাৱে শস্যৰ বীজ প্ৰদান কৰে উপায়ুক্ত ৰোশনী অপৰাঞ্জী কোৰাটীয়ে ৷ ‘ক্ষুদ্ৰ পাচলি বাৰী’ নামৰ এক নতুন আঁচনিৰ শুভাৰম্ভ কৰে উপায়ুক্তগৰাকীয়ে ৷
![যোৰহাটত জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ সংবাদমেল যোৰহাটত জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ সংবাদমেল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7246368-thumbnail-3x2-jor.jpg)
*সকলো কৃষককে ৮ বিধ বীজ প্ৰদান কৰা হ'ব ৷
*গোটেই যোৰহাট চহৰ আৰু অঞ্চলসমূহৰ বাবে ফলপ্ৰসূ হ'ব এই আঁচনি ৷
*কৃষকে ১,২৩০০০ কুইণ্টল শাক-পাচলি উৎপাদন কৰিব পাৰিব ৷
*১৬ কোটি ৯০ লাখ টকাৰ আয় হ'ব এই আঁচনিৰ জৰিয়তে ৷
*১০০০০ পৰিয়ালক দিয়া হ'ব এই বীজ*
*লাউ, জিকা, ভোলকে আদি কৰি ৮ বিধ বীজ উৎপাদন কৰিব পাৰিব ৷
*পৰিয়ালসমূহক নিৰীক্ষণ কৰাৰ লগতে তদাৰক কৰিব কৃষি বিশ্ববিদ্যালয়ে ৷
*লক ডাউনৰ সময়খিনিৰ বাবে প্ৰস্তুত কৰা হৈছে এই আঁচনি ৷
*নগৰ আৰু কাষৰীয়া অঞ্চলৰ বাবে অতি ফলপ্ৰসু হ'ব এই আঁচনি ৷
*এই কাৰ্যৰ ফলত নৱ প্ৰজন্ম কৃষিৰ প্ৰতি আকৃষ্ট হ'ব ৷
*হাই ব্ৰিড বীজ দিয়া প্ৰদান কৰা হ’ব হিতাধিকাৰীসকলক ৷
*আলফা জিঅ' নামৰ প্ৰতিষ্ঠানটোৱে আঁচনিৰ বাবে দিছে আৰ্থিক সাহাৰ্য ৷
লগতে পঢ়ক: