যোৰহাট, 15 এপ্ৰিলঃযোৰহাট জিলাত পূৰ্বতকৈ অধিক কঠোৰ হ'ব প্ৰসাশন ব্যৱস্থা ৷ এই কথা সদৰি কৰিলে যোৰহাটৰ উপায়ুক্ত ৰোচনি অপৰনজি কোৰাটিয়ে ৷
সমগ্ৰ বিশ্বতেই এতিয়া কৰ'ণা ভাইৰাছে আতংক ৷ যোৰহাট জিলা প্ৰশাসন ইতিমধ্যে পূৰ্বতকৈ অধিক কঠোৰ হ'ব বুলি সাংবাদ মাধ্যমৰ যোগেৰে উপায়ুক্ত ৰোচনি অপৰনজি কোৰাটিয়ে সদৰি কৰে ৷ আনহাতে চলিত বৰ্ষৰ ২০ এপ্ৰিল লৈকে পূৰ্বতকৈ জিলা প্ৰশাসন অধিক কঠোৰ হ'ব বুলিও মন্তব্য কৰে উপায়ুক্ত গৰাকীয়ে । ২০ এপ্ৰিলৰ পাছতহে কিছু শিথিলতা কৰা হ'ব বুলিও জনাই উপায়ুক্ত গৰাকীয়ে । তাৰোপৰি আজিৰ পৰা সমগ্ৰ যোৰহাটত তাৎক্ষণিক ভাৱে সুৰাৰ বিপণী সমূহো বন্ধ থাকিব বুলি আন মন্তব্য কৰে । পুনৰ নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত বন্ধ থাকিব সুৰাৰ বিপণী সমূহ । যি সকল লোকে লক ডাউন ভংগ কৰিব তেওঁলোকে কঠোৰ শাস্তি সন্মুখীন হ'ব লাগিব বুলি মন্তব্য কৰে ।