23 মে'লৈ সাজু যোৰহাট জিলা প্ৰশাসন - etv bharat assam
23 মে' লৈ সম্পূৰ্ণ সাজু যোৰহাট প্ৰশাসন । পুৱা ৮ বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা । তিনি তৰপীয়া সুৰক্ষা বেষ্টনীৰ ব্যৱস্থা ।
যোৰহাট, 20 মে': এটা বহু প্ৰত্যাশিত দিন 23 মে'। এই দিনটোতেই ৰাইজৰ আদালতত থিয় হ'ব জন-প্ৰতিনিধি । কোনে মাৰিব শেষ হাঁহি । বহু প্ৰত্যাশিত দিনটোলৈ ইতিমধ্যে সম্পূৰ্ণ সাজু হৈ পৰিছে যোৰহাট জিলা প্ৰশাসন । ৰাজ্যখনৰ গুৰুত্বপূৰ্ণ লোকসভা সমষ্টি হিচাপে পৰিগণিত সমষ্টিটোত এইবাৰ 8 জনকৈ বিভিন্ন দলৰ প্ৰাৰ্থীয়ে নিৰ্বাচনী যুজঁত অৱতীৰ্ণ হৈছিল ৷ 23 মে' ত পুৱা 8 বজাৰ পৰা আৰম্ভ হ'ব ভোট গণনা । প্ৰথম অৱস্থাত যোৰহাট ভোট গণনা কেন্দ্ৰত কেন্দ্ৰীয়ভাৱে "পোষ্টেল বেলট" পেপাৰ সমূহ গণনা কৰা হ'ব বুলি জনাই যোৰহাট জিলা প্ৰশাসনে । তাৰ পাচতেই গণনা আৰম্ভ হ'ব 'ইভিএম' মেচিনৰ । আনহাতে, যোৰহাট, টিয়ক, আৰু দেৰগাঁও বিধানসভা সমষ্টিৰ ভোট গণনা যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ গণনা কেন্দ্ৰত হ'ব বুলিও উল্লেখ কৰে । উল্লেখ্য যে, কলিয়াবৰ সমষ্টিৰ অন্তৰ্গত দেৰগাঁৱ বিধানসভা যোৰহাট জিলাৰ অন্তৰ্গত হোৱাৰ বাবেই দেৰগাঁৱ বিধানসভা সমষ্টিটোৰ ভোট গণনা যোৰহাট কেন্দ্ৰত হ'ব বুলি মন্তব্য কৰে ।