যোৰহাট, ১৮ জুলাই : যোৰহাট (Jorhat)জিলাত কিছু শিথিল কৰা হৈছে লক ডাউন (Lockdown) ৷ এতিয়াৰে পৰা পুৱা ৮ বজাৰ পৰা বিয়লি ৩ বজালৈ খোলা থাকিব গেলামালৰ দোকান ৷ একেদৰে পুৱা ৪ বজাৰ পৰা বিয়লি ৩ বজালৈকে খোলা থাকিব গেলামালৰ পাইকাৰী দোকান ৷ ই কমাৰ্চ (E Commerce)খোলা থাকিব কিন্তু ই কমাৰ্চৰ লগত জড়িত লোকে তিনি দিনৰ মূৰে মূৰে কৰিব লাগিব ক'ভিড টেষ্ট (Covid Test) ৷
অৱশ্যে এই সময়ছোৱাত বন্ধ থাকিব শাক-পাচলি, ফলমূলৰ বজাৰ ৷ তদুপৰি ৰাষ্টাৰ কাষত বিক্ৰী কৰিব নোৱাৰিব শাক-পাচলি, ফলমূল ৷ ৰেষ্টুৰা, হোটেল, ধাবা আদি বন্ধ থাকিব ৷
ক'ল্ড ষ্টোৰেজ (Cold Storage) ১ বজালৈকে খুলিব পাৰিব ৷ অৱশ্যে জিলাখনত ২৪ ঘন্টাই বাহাল থাকিব সান্ধ্য আইন (Curfew) ৷ যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে (Jorhat Deputy Commissioner Ashok Kumar Barman)শনিবাৰে জানিবলৈ দিয়ে এই কথা ৷