যোৰহাট, 28 এপ্ৰিল :গুজৰাটৰ কংগ্ৰেছী বিধায়ক জিগনেশ মেৱানীৰ মুক্তিৰ দাবীত বৃহস্পতিবাৰে যোৰহাট জিলা কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে(Congress protest at Jorhat) ৷ জিগনেশ মেৱানীক ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ(Jignesh Mevani arrested by Barpeta police) কৰাৰ অভিযোগ কৰি যোৰহাটত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে যোৰহাট জিলা কংগ্ৰেছে ।
প্ৰতিবাদকাৰীসকলে যোৰহাট কংগ্ৰেছ ভৱনৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । তেওঁলোকে বাক্ স্বাধীনতা আৰু মত প্ৰকাশৰ স্বাধীনতা ওপৰত বিজেপি চৰকাৰে আক্ৰোশমূলক মনোভাৱ গ্ৰহণ কৰাৰ অভিযোগ কৰে ৷