অসম

assam

By

Published : Sep 21, 2020, 7:40 PM IST

ETV Bharat / state

যোৰহাট কংগ্ৰেছত খহনীয়াঃ পঞ্চায়ত সভাপতি সহ বহু কেইজনৰ বিজেপিত যোগদান

আনহাতে এই যোগদান অনুষ্ঠানত উপস্থিত থকা খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই কংগ্ৰেছ দলক পাকিস্তান পন্থীৰ বুলি উল্লেখ কৰে । আনহাতে নিৰ্বাচনৰ সময়ত আৰু বহু কংগ্ৰেছৰ নেতা কৰ্মীয়ে বিজেপি দলত যোগদানৰ ইংগিত দিয়ে বিধায়কগৰাকীয়ে ।

jorhat congress leader and worker join bjp
যোৰহাট কংগ্ৰেছত খহনীয়া

যোৰহাট, 21 ছেপ্তেম্বৰঃ এ আই উ ডি এফৰ সৈতে মিত্ৰতাৰ বাবেই এতিয়া কংগ্ৰেছ দলৰ ভিতৰচৰাত ফাট মেলিছে । একাংশ স্বেচ্ছাচাৰী কংগ্ৰেছ নেতাৰ বাবেই কংগ্ৰেছ দল ধংসৰ দিশলৈ গতি কৰিছে । এ আই উ ডি এফৰ কংগ্ৰেছৰ সৈতে মুকলিকৈ মিত্ৰতাই এতিয়া ক্ষোভিত কৰিছে কংগ্ৰেছৰ একাংশ সৎ আৰু নিষ্ঠাবান কৰ্মীক । যোৰহাট জিলা পৰিষদৰ সদস্য, ৱাৰ্ড মেম্বাৰ সহ বহু কংগ্ৰেছ কৰ্মীয়ে বিজেপি দলত যোগদান কৰে ।

সোমবাৰে যোৰহাটত অনুষ্ঠিত হোৱা যোগদান অনুষ্ঠানত কংগ্ৰেছৰ পঞ্চায়ত প্ৰতিনিধি সহ কেইবাজনো ৱাৰ্ড মেম্বাৰ আৰু কৰ্মকৰ্তাই আনুষ্ঠানিকভাৱে যোগদান কৰে গেৰুৱা দলটোত ৷ মিছন ১০০ লক্ষ্যৰে আগবঢ়া বিজেপিৰ এই যোগদান কাযসূচিত সোমবাৰে বিশেষকৈ যোৰহাটৰ কৰঙা জিলা পৰিষদৰ সদস্য ৰঞ্জন শইকীয়াসহ বহু কেইজন ৱাৰ্ডৰ সদস্যই যোগদান কৰে ।

যোৰহাট কংগ্ৰেছত খহনীয়া
আনহাতে এই যোগদান অনুষ্ঠানত উপস্থিত থকা খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়াই কংগ্ৰেছ দলক পাকিস্তান পন্থীৰ বুলি উল্লেখ কৰে । আনহাতে নিৰ্বাচনৰ সময়ত আৰু বহু কংগ্ৰেছৰ নেতা কৰ্মীয়ে বিজেপি দলত যোগদানৰ ইংগিত দিয়ে বিধায়কগৰাকীয়ে ।
যোৰহাট কংগ্ৰেছত খহনীয়া
আনহাতে এই যোগদান অনুষ্ঠানত উপস্থিত থাকে বিধান সভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী, খুমটাই সমষ্টিৰ বিধায়ক মৃনাল শইকীয়া, জিলা বিজেপিৰ বহু কেইজন কৰ্মী ।

ABOUT THE AUTHOR

...view details