যোৰহাট,১৭ ফেব্ৰুৱাৰী :নিমিষতে শেষ হৈ গ'ল যোৰহাটৰ ঐতিহাসিক চ'ক বজাৰ (Historic Jorhat Chowk Bazaar fire)। জুইত চূৰ্ণ বিচূৰ্ণ হৈ গ'ল প্ৰায় ৩০০০ পৰিয়ালৰ সপোন । বৃহস্পতিবাৰৰ নিশাৰ ভয়ংকৰ অগ্নিকাণ্ড এতিয়াও সম্পূৰ্ণৰূপে নিৰ্বাপিত হোৱা নাই । এতিয়াও ঠায়ে ঠায়ে উমি উমি জ্বলিছে জুই (Fire at Jorhat chowk bazaar)।
উল্লেখ্য যে ১৯৫১ চনতে স্থাপন হোৱা ঐতিহাসিক চ'ক বজাৰৰ অস্তিত্ব বুলিবলৈ এতিয়া আছে মাত্ৰ ধ্বংসস্তুপ (Jorhat chowk bazaar destroyed)। চাৰিওফালে কেৱল ধ্বংসাৱশেষ । প্ৰায় 351 খন ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীয়ে এতিয়া মাথো ভয়ংকৰ অগ্নিকাণ্ডৰ কথা চিন্তা কৰি চিৎকাৰ কৰি উঠিছে (351 shops damaged due to fire)। নিশা প্ৰায় ৯.৩০ বজাতে জুই সূত্ৰপাত হৈছিল বজাৰখনত । কিন্তু এই জুই ইমানে ভয়াৱহ আছিল যে এতিয়াও আনুষ্ঠানিকভাৱে জুই নিৰ্বাপিত হৈছে বুলি যোৰহাট জিলা প্ৰশাসনে ঘোষণা কৰিব পৰা নাই ।
উল্লেখ্য যে নিশা যোৰহাট নগৰৰ মাজভাগতে থকা চ'ক বজাৰত জুইৰ সূত্ৰপাত হৈছিল । নিমিষতে ধ্বংসস্তুপত পৰিণত চ'ক বজাৰত থকা 351 খন ব্যৱসায়িক প্ৰতিষ্ঠান । একাংশৰ মতে শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হৈছিল (Massive fire at Jorhat)। আন একাংশৰ মতে দুষ্কৃতিকাৰীয়ে বজাৰত অগ্নি সংযোগ কৰিছে । অৱশ্যে এতিয়াও এই কথা স্পষ্ট হোৱা নাই যে কিহৰ বাবে এই ঘটনা সংঘটিত হ'ল ।