অসম

assam

ETV Bharat / state

Bhagawat recitation in Jorhat : যোৰহাটত 7 বছৰীয়া কণমানিৰ ভাগৱত পাঠ - ভাগৱত পাঠৰ সাৱলীল কন্ঠ

এগৰাকী শিশু অসাধাৰণ প্ৰতিভাই মুগ্ধ কৰিছে যোৰহাটবাসীক ৷ 7 বছৰীয়া এটি কণমানিৰ ভাগৱত পাঠে আকৰ্ষিত কৰিছে ভক্তপ্ৰাণ ৰাইজক (Jorhat child recitation Bhagawat at Namghar) ৷ পিছে ক’ৰ এই কণমানিটো ৷ সবিশেষ এই প্ৰতিবেদনত...

Bhagawat recitation in Jorhat
অনন্ত বৰাৰ অসাধাৰণ প্ৰতিভাই মুগ্ধ কৰিছে যোৰহাটবাসীক

By

Published : Mar 30, 2023, 8:59 PM IST

অনন্ত বৰাৰ অসাধাৰণ প্ৰতিভাই মুগ্ধ কৰিছে যোৰহাটবাসীক

যোৰহাট, 30 মাৰ্চ : এগৰাকী 7 বছৰীয়া কণমানি ৷ কণমানিটিৰ অসাধাৰণ প্ৰতিভাই মুহিছে এতিয়া সকলো ভক্তপ্ৰাণ ৰাইজক । কিয়নো কণমানিটিৰ ভাগৱত পাঠৰ সাৱলীল কন্ঠ অৰ্থাৎ কিশোৰটিয়ে পঢ়া ভাগৱত পাঠে আকৰ্ষিত কৰিছে এতিয়া ভকত বৈষ্ণৱক । আমি ক’বলৈ লোৱা 7 বছৰীয়া প্ৰতিভাৱান কণমানিটি হৈছে যোৰহাটৰ (Jorhat child recitation Bhagawat at Namghar) ৷ নাম অনন্ত বৰা ৷

জানিব পৰা মতে, মৰিয়নীৰ সীমান্তৰ খেৰেমীয়া গাঁৱত সাত দিনীয়াকৈ আয়োজন কৰা হৈছে অবিৰত ভাগৱত পাঠ (Bhagawat recitation in Jorhat) ৷ এই ভাগৱত পাঠৰ শেষৰ দিনা অৰ্থাৎ বুধবাৰে 7 বছৰীয়া শিশু পাঠক অনন্ত বৰাই ভাগৱত পাঠ কৰে । শিশু পাঠক অনন্ত বৰাৰ সুললিত ভাগৱত পাঠে উপস্থিত ভকত বৈষ্ণৱক মুগ্ধ কৰি তোলে ৷ লগতে শিশুগৰাকী ভাগৱত পাঠ শুনিবলৈ অধীৰ হৈ পৰে মৰিয়নীৰ সীমান্তৰ খেৰেমীয়া গাঁওবাসী ৷

লগতে পঢ়ক :Bhagawat recitation: নলবাৰীৰ বৰক্ষেত্ৰী বৰ্ণি জগান্নাথ মন্দিৰত ভাগৱত পাঠ

উল্লেখযোগ্য যে, যি সময়ত আমাৰ সমাজৰ অধিকাংশ শিশুৱে ম’বাইল অথবা বিভিন্ন ধৰণৰ আকৰ্ষণীয় খেল-ধেমালি লগত ব্যস্ত থকা দেখা যায় ৷ যাৰ ফলত পিতৃ-মাতৃসকল বহু সমস্যা সন্মুখীন হয় ৷ সেই সময়তে এইগৰাকী কণমানিৰ ধৰ্মচৰ্চাৰ প্ৰতি থকা আগ্ৰহ তথা জ্ঞানে বৰ্তমান সমাজত এক আদৰ্শ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ।

তাপৰ্যপূৰ্ণ যে, এটি মধ্যবিত্ত পৰিয়ালৰ ল’ৰা 7 বছৰীয়া অনন্ত বৰা ৷ স্কুলীয়া পাঠ্যক্ৰমৰ উপৰিও খেলা-ধূলা আৰু অন্যান্য ব্যৱহাৰিক বিষয়টো পাৰ্গত অনন্ত ৷ শান্ত তথা অমায়িক স্বভাৱ হোৱা হেতুকে তেওঁ অঞ্চলবাসীৰো অতি আদৰৰ ৷ ধৰ্মচৰ্চা, সমাজৰ প্ৰতি নতুনকৈ কিবা কৰাৰ হাবিয়াস থকা অনন্তৰ এই অসাধাৰণ প্ৰতিভাই ইয়াকে প্ৰমাণ কৰে যে, সময়ত যদি প্ৰয়োজনীয় সকলো ধৰণৰ সা-সুবিধা তথা গাইড লাভ কৰে, তেতিয়া হ’লে অনাগত সময়চোৱাত উন্নতিৰ শীৰ্ষত উঠিবলৈ সক্ষম হ’ব অনন্তই ৷

লগতে পঢ়ক :Boxer Lovlina Borgohain : স্ব-ভূমিত উপস্থিত স্বৰ্ণ পদক বিজয়ী লাভলীনা বৰগোঁহাই

ABOUT THE AUTHOR

...view details