অসম

assam

ETV Bharat / state

Rana Goswami Controversy: নাৰী সমাজৰ ওচৰত ক্ষমা নুখুজিলে ৰাণা গোস্বামীক ৰাজহুৱাভাৱে বৰ্জনৰ হুংকাৰ বিজেপিৰ

যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীৰ বিৰুদ্ধে সৰৱ বিজেপি মহিলা মৰ্চা (Bjp Mahila Morcha criticized Rana Goswami) । "অসমৰ নাৰী সমাজৰ ওচৰত ক্ষমা নুখুজিলে ৰাণা গোস্বামী ৰাজহুৱাভাৱে বৰ্জিত হ'ব ।" বিজেপি নেতা ঈশ্বৰ প্ৰসন্ন বৰদলৈ ।

Rana Goswami Controversy
Rana Goswami Controversy

By

Published : Apr 27, 2023, 10:56 PM IST

ৰাণা গোস্বামীৰ বিৰুদ্ধে যোৰহাট বিজেপি মহিলা মৰ্চাৰ গোচৰ

যোৰহাট, ২৬ এপ্ৰিল : যোৰহাটৰ প্ৰাক্তন বিধায়ক তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ উঠিল বিজেপি মহিলা মৰ্চাৰ লগতে যোৰহাট জিলা বিজেপি (APCC working president Rana Goswami) । যোৱা ২৪ এপ্ৰিল তাৰিখে শিৱসাগৰত এখন সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে "স্বামী থকাৰ পাচতো পৰপুৰুষেৰে সহবাস কৰে বিজেপিৰ মহিলা কৰ্মীয়ে" বুলি অতি লজ্জাজনক মন্তব্য প্ৰদান কৰাৰ পাছত এতিয়া সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Rana Goswami controversial comments on BJP women workers) ।

জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীগৰাকীৰ এনে শালীনতাৰ সীমা চেৰোৱা মন্তব্যৰ পাছত জাঙুৰ খাই উঠিছে বিজেপি দলৰ মহিলা কৰ্মীসকল । ৰাণা গোস্বামীৰ এনে মন্তব্যৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি বৃহস্পতিবাৰে বিজেপি মহিলা মৰ্চাই ৰাজ্যৰ বিভিন্ন জিলা সদৰ থানাত ৰাণা গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে (Bjp Mahila Morcha criticized Rana Goswami) । সেই অনুসৰি বৃহস্পতিবাৰে যোৰহাটৰ প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ নেতা ৰাণা গোস্বামীৰ বিৰুদ্ধে যোৰহাট সদৰ থানাত এজাহাৰ দাখিল কৰে যোৰহাট জিলা বিজেপিৰ মহিলা মৰ্চাই (Jorhat BJP Mahila Morcha FIR against Rana Goswami) ।

যোৰহাট জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী মামণি দেৱীৰ নেতৃত্বত অহা মহিলা মৰ্চাৰ মহিলাসকলে যোৰহাট সদৰ থানাত ৰাণা গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ লগতে ৰাণা গোস্বামী মুর্দাবাদ, মহিলাৰ বিৰুদ্ধে এনে মন্তব্য সহ্য কৰা নহ'ব, ৰাণা গোস্বামীক শাস্তি দিয়ক আদি শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে । এজাহাৰ দাখিল কৰি যোৰহাট জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী মামণি দেৱীয়ে সাংবাদিকৰ আগত কয় যে, যোৱা ২৪ এপ্ৰিল তাৰিখে কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে বিজেপিৰ মহিলা কৰ্মী সন্দৰ্ভত যি মন্তব্য প্ৰদান কৰিলে ই অতি গৰিহণাযোগ্য ।

আমি তেওঁৰ দৰে এজন নেতাৰ পৰা তেনে মন্তব্য আশা কৰা নাছিলোঁ । আৰু আশা কৰিছোঁ তেওঁ যাতে অনাগত দিনত এইদৰে মানসিক ভাৰসাম্য হেৰুৱাই কথা নকয় । তেওঁ যদি তেওঁৰ এই মন্তব্যৰ বাবে ক্ষমা নোখোজে তেন্তে তেওঁৰ বিৰুদ্ধে অধিক তীব্ৰ আইনী আন্দোলন কৰিবলৈ বাধ্য হ'ব বুলিও হুকাৰ দিয়ে । আনহাতে, অনাগত দিনত এনে মন্তব্য দিয়াৰ পূৰ্বে তেওঁ যাতে হাতত প্ৰকৃত নথিপত্ৰ লৈ এনে মন্তব্য কৰে তাৰো আহ্বান জনায় । লগতে হাজাৰ হাজাৰ মহিলাৰ কি নথিপত্ৰ তেওঁৰ ওচৰত আছে যাৰ বলত তেওঁ এইদৰে মহিলাৰ সন্মান হানি কৰাৰ দৰে মন্তব্য কৰিবলৈ পালে বুলিও মন্তব্য কৰে ।

কাৰ্যসূচীত অংশগ্ৰহণ কৰি যোৰহাট জিলা বিজেপিৰ সাধাৰণ সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈয়ে কয়, "যোৱা ২৪ এপ্ৰিল তাৰিখে শিৱসাগৰত এক সংবাদমেলত যোৰহাটৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে বিজেপিৰ মহিলাক লৈ যি বিৰূপ মন্তব্য কৰিলে ই কেতিয়াও গ্ৰহণ যোগ্য নহয় । তেওঁৰ দৰে এজন ৰাজনৈতিক নেতাই কৰা এনে মন্তব্যই কেৱল বিজেপিৰ মহিলা কৰ্মীকে নহয়, সমগ্ৰ মহিলা সমাজক অপমান কৰিছে । আমি সকলোৱে মহিলাক মাতৃ হিচাপে গণ্য কৰি আহিছোঁ ।

তেনে সময়ত ৰাণা গোস্বামীৰ এনে মন্তব্য সমগ্ৰ মাতৃজাতিক কৰা অপমান । এনে মন্তব্যৰ বাবে তেওঁ ৰাজহুৱাভাৱে ক্ষমা খোজা উচিত । কংগ্ৰেছ, বিজেপি, এজিপি, আপ যি ৰাজনৈতিক দলৰে নহওক কিয়, মাতৃ সমাজ সদায় মাতৃ সমাজেই । মাতৃ সমাজক কৰা এনে অপমান আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ । আগন্তুক দিনতো আমি দৃষ্টি ৰাখিম যে কি ব্যৱস্থা তেওঁৰ বিৰুদ্ধে গ্ৰহণ কৰা হয় । ৰাণা গোস্বামীয়ে যদি তেওঁৰ কথা উঠাই নলয় বা সমগ্ৰ অসমৰ নাৰী সমাজৰ ওচৰত ক্ষমা নোখোজে তেন্তে তেওঁ ৰাজহুৱাভাৱে বৰ্জিত হ'ব ।

লগতে পঢ়ক :FIR against Rana Goswami: মহিলা বিজেপি কৰ্মীৰ বিৰুদ্ধে নিকৃষ্ট মন্তব্য কৰি বিপদত কংগ্ৰেছৰ ৰাণা গোস্বামী; ৰুজু হ’ল গোচৰ

ABOUT THE AUTHOR

...view details