যোৰহাট, 28 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত গণ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে যোৰহাটৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্র ছাত্ৰীৰ লগতে সচেতন নাগৰিকে। সমগ্ৰ ৰাজ্যৰ লগতে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। যোৰহাট আঞ্চলিক ছাত্র সন্থাৰ সভাপতি অৰ্জন ভূঞাই তীব্ৰ ভাষাৰে বিজেপি চৰকাৰত সমালোচনা কৰি কয় যে,সময় থাকোতেই অসমৰ ৰাইজৰ প্ৰতিবাদী ভাষা বুজি উঠক অন্যাথা বিজেপি চৰকাৰ গাদীৰ পৰা ফুটপাথলৈ আহাৰ সময় সমাগত।
যোৰহাটৰ আছুৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ
সময় থাকোতেই গুৰুত্ব নিদিলে ফুটপাথলৈ আহিব বিজেপি চৰকাৰ ।
যোৰহাটৰ আছুৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ